মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

মন্দিৰ আৰু পূণ্যধাম

ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত এই ৰাজ্যত আছে শক্তি-তান্ত্ৰিকতাবাদ, শিৱবাদ আৰু পাছলৈ বিষ্ণুবাদৰ উত্থান হয়। সময়ে সময়ে বেলেগ বেলেগ জাতি-ধৰ্ম-বৰ্ণ আৰু সংস্কৃতিৰ লোকে এই স্থানলৈ প্ৰৱজিত হৈছিল।

মোহেমেদান অগ্ৰাসনে এই ৰাজ্যলৈ মুছলমান সম্প্ৰদায়ৰ লোকক কঢ়িয়াই আনিছিল। শিখবাদৰো ইয়াত উত্থান ঘটে আৰু বুদ্ধধৰ্মালম্বি সকলেও তেওঁলোকৰ ধৰ্মীয় পতাকাবহু উপৰলৈ উৰুৱাবলৈ সক্ষম হয় এই ভূমিত। নৱম শিখ গুৰু টেক বাহাদুৰ ৰায়ে ধুবুৰীত নিৰ্মাণ কৰা বখ্যাত গুৰুদ্বাৰাক দেশযুৰি শিখ ধৰ্মালম্বী সকলে শ্ৰদ্ধা অৰ্পণ কৰে।

সময়ে সময়ে নতুন নতুন বিশ্বাস আৰু ধৰ্ম সৃষ্টি হৈ অহাৰ ফলত অসমৰ চাৰিওফালে এনে বিভিন্ন মঠ-মন্দিৰ তথা কৃতিচিহ্ন নিৰ্মাণ কৰা হৈছিল। ইয়াৰে বেছিভাগ ভাস্কৰ্য্যই আছিল মধ্যযুগৰ যি কোচ, কচাৰী আৰু আহোম শাসনৰ বিভিন্ন আৰ্হিৰ ভাস্কৰ্য্যক প্ৰতিনিধিত্ব কৰে। অসমৰ চাৰিওফালে সিচৰিত হৈ থকা এই মন্দিৰ আৰু কৃতিচিহ্ন সমূহে নিৰৱে অসমৰ এক গৌৰৱময় ইতিহাসৰ সাক্ষ্য বহন কৰে।

কামাখ্যা মন্দিৰ

পূণ্যধাম সমূহৰ ভিতৰত অন্যতম হল কামাখ্যা মন্দিৰ, যি গুৱাহাটীত অৱস্থিত এক প্ৰাচীন শক্তিপিঠ। দহগৰাকী দেৱীৰ নামত উত্সৰ্গিত এটা চৌহদত অৱস্থিত ই এক কেন্দ্ৰীয় মন্দিৰ। দেৱীমাঁ কামাখ্যাৰ শক্তি মন্দিৰটো ব্ৰহ্মপুত্ৰ নৈৰ ফালে মূখ কৰি নিলাচল পাহাৰৰ উপৰত অৱস্থিত আছে যি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আঠ কিলোমিটাৰ দুৰত্বত আছে।

তান্ত্ৰিক শক্তিবাদৰ এই মহানতম মন্দিৰৰ বিষয়ে সমুদ্ৰগুপ্তৰ এলাহবাদ গুম্বজৰ লিপিত উল্লেখ আছে। অম্বুবাচী আৰু মনসা পূজাৰ সময়ত দেশৰ সকলো প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত সমাদ্ৰিত হয়।

কামাখ্যাতশিলৰ চিৰি যুক্ত এটা গোহাৰ পৱিত্ৰ স্থানত দেৱী মাঁক যৌনিৰ ৰূপত পূজা কৰা হয়। বিভিন্ন জনশ্ৰুতি আৰু প্ৰবাদে এই মন্দিৰৰ কাহিনি বৰ্ণনা কৰে যে দেৱী সতীৰ মৃত্যুৰ পাছত শিৱ বেদনাত আতুৰ হৈ সতীৰ মৃত শৰীৰটো লৈ ঘুৰি ফুৰিছিল আৰু সতীৰ যৌনি অংশ এই অঞ্চলতে সৰি পৰিছিল। এই পৰ্বতটোৱে মহাদেৱৰ শৰিৰটোকে প্ৰতিনিধিত্ব কৰে আৰু সতীৰ যৌনি যেতিয়া এই অঞ্চলত সৰি পৰিছিল তেতিয়াই এই সমস্ত অঞ্চল নিলা হৈ পৰিছিল যাৰ বাবে ইয়াক নিলাচল বুলি কোৱা হয়। যদিও এই মন্দিৰ প্ৰতিষ্ঠাৰ কোনো সঠিক সময় উপলব্ধ নহয় পুৰাতত্বিক প্ৰমাণ অনুসৰি ইয়াৰ প্ৰতিষ্ঠা অষ্টম শতিকাৰ ওচৰে পাজৰে হোৱা বুলি ধাৰণা কৰা হৈছে। ১৬শ শতিকাত মুছলমান অগ্ৰাসনকাৰীয়ে এই মন্দিৰ ধংস কৰাৰ লগতে ইয়াক অপবিত্ৰ কৰাৰ পাছতে ১৫৬৫চনত ইয়াৰ বৰ্তমানৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হয়, যাৰ চাৰিওফালে আন আন দেৱীৰ মন্দিৰো নিৰ্মাণ কৰা হয় যেনে ভূৱনেশ্বৰী, কালী, তাৰা, চিন্নামস্তা, বগলা, ভৈৰৱী, দোমাৱতী, মাতংগী আৰু কমলা, আৰু কামাখ্যা মন্দিৰকে ধৰি এই আটাইকেইটা মন্দিৰকে একেলগে দশ-মহাবৈদ্য বুলি জনা যায়। নিলাচল পাঁচটা শিৱ মন্দিৰো আছে- কামেশ্বৰ, সিদ্ধেশ্বৰ, অম্ৰা টকৰেশ্বৰ, অঘৰ আৰু কৌটিলিংগ। কামাখ্যাৰ তীৰ্থযাত্ৰা আধৰুৱা হৈ ৰৱ যদিহে কোনোৱে জয়-দূৰ্গা, বণ-দূৰ্গা, ত্ৰিনাথ, কেদাৰেশ্বৰ, নমাথ-কালী, হনুমান, গণেশ, পাণ্ডনাথ, শ্মসান কালি আৰু গদাধৰ মন্দিৰ ভ্ৰমণ নকৰে। যদিও বছৰৰ যিকোনো দিনতে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিব পাৰি, জুন মাহৰ অম্বুবাচী মেলাৰ সময়ত ইয়াত দেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। কোনোৱে বিচাৰিলে নিলাচল পাহাৰৰ পৰাও মহাবাহু ব্ৰহ্মপুত্ৰক পূজা অৰ্চনা কৰিব পাৰে যৰপৰা গুৱাহাটী মহানগৰীখনৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি। নিলাচলৰ পশ্চিম ফালে পাণ্ডনাথ দেৱালয় অৱস্থিত। পাণ্ডনাথত বিষ্ণুক মূল দেৱতা হিচাপে পূজা অৰ্চনা কৰা হয় আৰু বিশ্বাস কৰা হয় যে বিষ্ণুএ মধু আৰু কৈতভা নামৰ দুটা দুষ্ট অসুৰক নিজৰ উৰুৰ ওপৰত পেলাই শিৰচ্ছেদ কৰিছিল। বিষ্ণুএ যিখন উৰুত পেলাই লৈ শিৰচ্ছেদ কৰিছিল সেইখনক এটুকুৰা শিলে প্ৰতিনিধিত্ব কৰে কিন্তু পাণ্ডনাথ নামটো এটুকুৰা শিলত খোদিত থকাপাঁচ-পাণ্ডৱৰ চিত্ৰৰ পৰাহে গ্ৰহণ কৰা হৈছ। মহানগৰীৰ বিভিন্ন অঞ্চলৰ পৰা কামাখ্যাধামলৈ নিয়মিত ভাৱে বাছ চলাচল কৰে। অটো-ৰিক্সা আদিৰ জৰিয়তেও এই অঞ্চলত উপস্থিত হব পাৰি।

অম্বুবাচী মেলা

প্ৰত্যেক জুন মাহত কামাখ্য চৌহদত দুসপ্তাহন যোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হোৱা অম্বুবাচী মেলা দেশযুৰী বেচ জনপ্ৰিয়। এই উত্সৱে নাৰীয়েজন্মদিব পৰা ক্ষমতা আৰু প্ৰকৃতি চক্ৰৰ সমন্বক উদযাপন কৰে। দেৱী মাঁৰ ঋতুশ্ৰাৱ ঘটে বুলি কৰা ধৰ্মীয় বিশ্বাস অনুসৰি মেলাৰ সময়ত অসমৰ চুকে-কুণে থকা সকলো মন্দিৰৰ দুৱাৰ তিনিদিনৰ বাবে বন্ধ কৰি ৰখা হয়। হাল মৰা বা মাটি কটা কাৰ্য্যও কৰা নহয় এই সময় চোৱাত। এই উত্সৱে ভক্তৰ অনুৰোধত দেৱী পুনৰ প্ৰতিষ্ঠা হোৱাটোকে উদযাপন কৰে। এই বিশাল উত্সৱমূখৰ পৰিবেশৰ মাজতে তিনিদিন পাছত মন্দীৰৰ দুৱাৰ মূকলী কৰা হয়। ভক্ত সকলে দুৰ-দুৰণিৰ পৰা আহি এই মন্দিৰত উক্তদিনা প্ৰসাদ স্বৰূপ এটোকুৰা ৰঙা কাপোৰৰ বাবে ভিৰ কৰেহি।

নৱগ্ৰহ মন্দিৰ

নৱগ্ৰহ মন্দিৰেই হৈছেগুৱাহাটীক প্ৰাগজ্যতিষপূৰ বা পূৰ্বাঞ্চলীয় জ্যোতিষবিদ্যাৰ চহৰবোলাৰ অন্যতম কাৰণ। গুৱাহাটীৰ মাজমজিয়াতে থকা এক পৰ্বতৰ উপৰত নৱগ্ৰহ বা নটা গ্ৰহৰ এই মন্দিৰ প্ৰতিষ্ঠিত। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ইয়াৰ দুৰত্ব কেৱল তিনি কিলোমিটাৰ। বিশ্বস অনুসৰি, প্ৰচিন কালত এই অঞ্চল আছিল জ্যোতিষ শাস্ত্ৰ আৰু মহাকাশ অধ্যয়নৰ এক প্ৰধান কেন্দ্ৰ আছিল। ভাড়াতীয়া বাঁহন বা অটো-ৰিক্সাৰ জৰিয়তেও এই অঞ্চলত উপস্থিত হব পাৰি।

বশিষ্ঠাশ্ৰম

গুৱাহাটীৰ দক্ষিণ ভাগত অৱস্থিত এই বশিষ্ঠাশ্ৰম যত হিন্দু ঋষি বশিষ্ঠ মুনিৰ আশ্ৰম আছিল বুলি বিশ্বাস কৰা হয়। সন্ধ্যা, ললিতা আৰু কান্তা নামেৰে তিনিখন ক্ষুদ্ৰ নৈ একলক হৈ বৈ আহে এই আশ্ৰমত যিয়ে স্থানটোক এক সুন্দৰ ভব্যতা প্ৰদান কৰে। এই চৌহদত ভগৱান বিষ্ণুক উত্সৰ্গিত জনাৰ্দন দেৱালয় আছে। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ইয়াৰ দুৰত্ব ১২কিলোমিটাৰ। চিটি বাছ সমূহ এই মন্দিৰলৈ নিয়মিত ভাবে চলাচল কৰে।