মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

ঐতিহাসিক কীৰ্তিচিহ্ন

১৮শ শতিকাৰ ৰংঘৰ, এচিয়া মহাদেশৰ প্ৰথমখন ৰংগমঞ্চ,যি শিৱসাগৰত অৱস্থিত আহোম শাসন কালৰ শ্ৰেষ্ঠ স্থাপত্যবিদ্যাৰ উদাহৰণ দাঙি ধৰে। অষ্টকোণী দুই মহলীয়া এই সংৰচনা তৈয়াৰ কৰা হৈছিল গুড়, মাটি দাইল, ইকৰা, চূণশিল, শামুক শিলা, পৰিশোধিত চুণৰ গুৰি, সোঁত মাছৰ হাৰ, মিঠাতেল, ধূপ,ইটা আৰু দাঙৰ শিলেৰে। ৰাজপৰিয়ালৰ সদস্য সকলে ওপৰৰ মহলাৰ পৰা আৰু সাধাৰণ ৰাইজে ৰংঘৰক আগুৰি থকা মাতিৰ তিলাত বহি মহৰ যুঁজ, হাতীৰ যুঁজ, দণ্ডযুদ্ধ আৰু আন আন ক্ৰীড়া উপভোগ কৰিছিল।

এই ৰংগমঞ্চনিচেই কাষতে আছে তলাতল ঘৰ যি আহোম কালৰ আটাইতকৈ বৃহত্ কীতৃচিহ্ন। অনিয়মিত আকাৰৰ এই সংৰচনাৰ আছে সাততা মহলা, দুটা গোপনীয় সুৰংগ যুক্ত দুটা মহলা আছে ভূমিৰ তলত। ইয়াৰে এটা সুৰংগৰ দ্ৰৈঘ্য ১৬কিলোমিটাৰ যিটো শত্ৰুৰ আক্ৰমণ কালত পলাবৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰে তলৰ মহলা কেইটা বৰ্তমান দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখা হৈছে যদিও ওপৰৰ মহলাৰ অৱশেষ সমূহ প্ৰত্যক্ষ কৰিব পাৰে।

শিৱসাগৰখন মধ্যযুগীয়া পুখুৰীয়ে আগুৰি ৰাখিছে আৰু এইবোৰ নিৰ্মাণ কৰা এক বিশেষ দেশীয় পদ্ধতিৰ বাবে স্থানীয় ভাষাত পুখুৰীবোৰক সাগৰ বুলি কোৱা হয়, কিয়নো সকলো সময়তে আনকি খৰালি কালতোপুখুৰীবোৰত পানীৰ স্তৰ একে থাকে। চৰাইদেও নগৰৰ পৰা কিছু দুৰতে আছে মিছৰৰ পিৰামিডৰ দৰে ৰাজকীয় উপকৰণ মৈদাম সমূহ আছে। প্ৰত্যেকটো মৈদামতে গোলাৰ্ধ আকাৰৰ মাটীৰ টিলাৰে আৱৰা একোটাকৈ গুম্বজ বিশেষ সংৰচনা আছে। নিম্নোল্লেখিত পুৰাতাত্বিক স্থান সমূহো কোনো কাৰণতে কম গুৰুত্বপূৰ্ণ নহয়-

দা-পৰ্বতীয়া

তেজপুৰ নগৰৰ পৰা নাটি দূৰতে থকা দা-পৰ্বতীয়া মন্দিৰৰ দুৱাৰৰ ভগ্নৱশেষবোৰ সম্ভৱত অসমৰ ভাস্কৰ্য্য কলাৰ শ্ৰেষ্ঠ আৰু পুৰণা নমুনা। ইয়াৰ ক্ষোদন কাৰ্য্যৰ বৈশিষ্টসমূহ পূৰ্বৰ গুপ্ত ভাস্কৰ্য্য শৈলীৰসৈতে মিলাব পাৰি। দৰ্জাৰ দুই পাল্লাতে দুগৰাকীকৈ দেৱী, গংগা আৰু যমুনা, হাতত মালা লৈ তলফালে এক শৈল্পিক ভংগিমাৰে থিয় হৈ আছে যাক গহনা পাতি সংলগ্নসাজোন-কাচোনেৰে সজ্জিত কৰি ৰখা হৈছে।

মদন কামদেৱ

৫২নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী মহানগৰীৰ পৰা কেৱল ৪০ কিলোমিটাৰ দুৰত্বত অৱস্থিত মদন কামদেৱ হৈছে এক সাঁথৰ, এক ৰহস্য, এক বিস্ময় আৰু ওমৰ খ্যায়ামৰ ভাষাত “ই এক ওৰণি লোৱা অতীত যি তেওঁ কেতিযাও নেদেখে”। এই মহান পুৰাতাত্বিক ধংসাৱশেষৰ উত্সৰ বিষয়ে অতি তথ্য উপলব্ধ। অনুমান আৰু ধৰাণা কৰিবৰ বাবে বিশাল পৰিসীমা এৰি থৈ লিখিত বুৰঞ্জী এই ক্ষেত্ৰত প্ৰায়ে নিমাত।৯ম আৰু ১০ম শতিকাৰ মদন কামদেৱৰ এই ধংসাৱশেষ সমূহ এক সৰু পাহাৰত সিচৰিত হৈ আছে। ১২টা মন্দিৰৰ অৱশেষ আজিৰ পৰা ৩৫বছৰ পূৰ্বে আবিষ্কাৰ কৰা হৈছিল। হিন্দু দেৱ-দেৱতাৰ উপৰিও মধ্য ভাৰতৰ মধ্য প্ৰদেশত থকা খাজুৰাহুৰ লেখিয়া ইয়াতো আবেদনময়ী ভাস্কৰ্য্যৰ নিদৰ্শন পোৱা যায়।

অগ্নিগড়

যুৱ প্ৰেমিক-প্ৰেমিকাৰ মিঠা স্মৃতিবোৰ সংৰক্ষিত কৰি ৰখা, অগ্নিগড় অথৱা জুইয়ে আগুৰা গড়, সম্ভৱত তেজপুৰৰ আটাইতকৈ সুন্দৰ পৰ্য্যটন স্থলী। জনশ্ৰুতি অনুসৰি বান ৰজাৰ একমাত্ৰ জিয়ৰী উষাক জুইয়ে আগুৰা গড়ৰ মাজত থকা মহলত ৰখা হৈছিল। বৰ্তমানৰ অগ্নিগড় হৈছে মাথো এটা সৰু পাহাৰ যি মহাবাহু ব্ৰহ্মপুত্ৰৰ ফালে মূখ কৰি থিয় হৈ আছে আৰু যৰ পৰা পৰ্য্যটক সকলে তেজপুৰ নগৰৰ লগতে ব্ৰহ্মপুত্ৰ নৈৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি।

সূৰ্য্য পাহাৰ

সূৰ্য্য পাহাৰ হৈছেপশ্চিমে গুৱাহাটীৰ পৰা ১৩৬কিলোমিটাৰ দুৰত্বত অৱস্থিত এটা সৰু পাহাৰ যত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ উপাসনা একেলগে কৰা হয়। এই স্থানত খোদিত কৰা অৱস্থাত বিভিন্ন আকাৰৰ এশ শিৱ লিংগ, জৈন ধৰ্মীয় বিশ্বাস সংযুক্ত বুদ্ধ স্তুপ শাৰী আৰু ভাস্কৰ্য্যও আছে। সূৰ্য্য পাহৰত উপলব্ধ পৰিকল্পিত গৃহনিৰ্মাণ আৰু ইটাৰ অৱশিষ্ট সমূহে শতিকা পূৰ্বে ইয়াত কোনো সভ্যতাই বসবাস কৰাৰ পূৰণিকলীয়া বিশ্বাসকে প্ৰমাণ কৰে।

দেওপৰ্বত

দেওপৰ্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে অৱস্থিত, দেওঁপৰ্বতত ক্ষোদিত শিলাখণ্ড আৰু মন্দিৰৰ ভগ্নাৱশেষে ভৰি আছে যিবোৰ ৮ম-৯ম শতিকাৰ বুলি ধাৰণা কৰা হয়। ১৮৯৭চনত এক বৃহত্ ভুইকম্পত ইয়াৰ মূখ্য শিৱ মন্দিৰটো ধংস হৈ যায়। দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী এই পুৰাতাত্বিক ঠাইডোখৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত গৰমপানী অভয়াৰণ্যৰ নিচেই কাষত। সোণালী বান্দৰ আৰু হলক গিবনৰ গৃহ ভূমি এই অভয়াৰণ্যই ইয়াত থকা এক গৰম পানীৰ উত্সৰ নামেৰে জনাজাত।

আমবাৰী খননসমূহ

দীঘলী পুখুৰীৰ সমীপতে গুৱাহাটীৰ মাজমজিয়াত আমবাৰীৰ খনন সমূহ অৱস্থিত যি সাতৰ পৰা বাৰ খ্ৰীষ্টাব্দলৈ আৰু ১৩ৰ পৰা ১৭ খ্ৰীষ্টাব্দলৈ দুটা বেলেগ বেলেগ সাংস্কৃতিক কালৰ প্ৰতিনধিত্ব কৰে। চিনামাটিৰে নিৰ্মিত বাচন, ৰঙা বাচন আৰু চামৰাৰ বাচনৰ আধিপত্য থকা মৃত্শিল্প উদ্যোগ ইয়াতে আৱিস্কাৰ কৰা হৈছিল। খনন কালত চীনদেশীয় সাগৰৰ ধৌ লেখিয়া ৰঙৰ বাচন আৰু সেউজীয়া জকমকীয়া বাচনো উদ্ধাৰ হৈছিল।

মৈদাম

মৈদাম সমূহ হৈছে ৰাজ-পৰিয়ালৰ সদস্যসকলক কবৰ দিয়া পিৰামিড সদৃশ মাটিৰ টিলা।শিৱসাগৰৰ পৰা প্ৰায় ৩০কিলোমিটাৰ আতৰত থকা চৰাইদেউত, যত আহোম ৰজা চুকাফাই (১২২৮-১২৬৮) তেওঁৰ শাসনৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, জনামতে ইয়াত প্ৰায়৪০টা গুম্বজ আছে। যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত থকা হৌলংগপাৰাতলাচিত মৈদাম আছে যত মহান আহোম সেনাপতি লাচিত বৰফুকনৰঅৱশেষ সংৰক্ষিত কৰি ৰখা হৈছে যোনে অতি পৰাক্ৰমেৰে ১৯৭১চনত শৰাইঘাটৰ ৰণত বিশাল মোগল সেনাক পৰাস্ত কৰিছিল। যোৰহাটৰ কাষতেই আছে ৰজা মৈদাম যতৰজা পুৰন্দৰ সিংহৰ গুম্বজআছে আৰুপুৰ্ণানন্দ বুৰাগোহাই মৈদামত, আন এজন আহোম সেনাপতিৰ গুম্বজ আছে যি টোকলাইৰ সমীপত অৱস্থিত।