মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

অসমত বৌদ্ধবাদ

প্ৰাচীন তন্ত্ৰবিদ্যা সাধনাৰ এক লেখত লবলগীয়া স্থান হিচাপে অসম বিশ্ববিখ্যাত যি বিদ্যা ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যতহে মাথো অব্যাহত আছে যি এনে বিস্ময় সাধনাক বৰ্তমানেও সংৰক্ষিত কৰি আহিছে বুলি গৌৰৱ অনুভৱ কৰে। ইয়াৰ লগতে অসমৰ বাহিৰৰ বহু কম লোকেহে জানে যে কেইবা শতিকা পূৰ্বে অসম আছিল বৌদ্ধবাদ অনুসৰণ কৰা আন এক উল্লেখনীয় স্থান।

ধৰ্মীয় প্ৰভাৱৰ পৰিবৰ্তিত প্ৰৱণতা আৰু সামাজিক ৰূপান্তৰণে পৰিবৰ্তন কৰিবও কৰিছে বা কৰা নাই, অসমত কিছু প্ৰচীন মঠ-মন্দিৰ বৰ্তমানেও বৰ্তি আছে যত পূজা-অৰ্চনা কৰা হয়, কিন্তু কলাকৃতি, পুৰাতত্বমূলক আবিষ্কাৰ সমূহ আৰু জনশ্ৰুতিয়ে প্ৰমাণ কৰে যে প্ৰাচীন অসমত বৌদ্ধবাদৰ গৌৰৱময় ইতিহাস বৰ্তি আছিল।

বিশ্বাস অনুসৰি তিব্বতীয়া বৌদ্ধবাদৰ প্ৰতিষ্ঠাপক পদ্মসম্ভৱাৰ মৃত্যু হৈছিল হাজোত যাৰ দুৰত্ব গুৱাহাটী মহানগৰীৰ পৰা মাথো ২৮কিলোমিটাৰ। মহায়না বৌদ্ধবাদৰ আন এগৰাকী গুৰু নাগাৰ্জুনাই প্ৰথম বা দ্বিতীয় খৃষ্টাব্দতে হাজোত কত্যা (শ্বহীদ বেদী) স্থাপন কৰিছিল বুলি কোৱা হয়। কোনো কোনো পণ্ডিতৰ মতে এই কত্যাক ৩য় বা ৪ৰ্থ খৃষ্টাব্দতে এক হিন্দু মন্দিৰলৈ ৰূপান্তৰিত কৰা হৈছিল। হাজোক অৱস্থিত হয়গ্ৰীব-মাধৱ মন্দিৰক দক্ষিণ-পূব এচিয়াৰ তীৰ্থ বুলি গণ্য কৰা হয়।

৭ম শতিকাত বৌদ্ধধৰ্মীয় পৰিব্ৰাজক হিউ-এন-চাংএ চিন দেশৰ পৰা আহি সমগ্ৰ অসম ভ্ৰমণ কৰিছিল যেতিয়া ইয়াত ৰজা ভাস্কৰবৰ্মাৰ শাসন চিলিছিল যি নিজে বৌদ্ধধৰ্মীয় নাছিল যদিও এই ধৰ্মৰ প্ৰতি তেওঁৰ আছিল যথেষ্ঠ শ্ৰদ্ধা। অসমৰ বৌদ্ধবাদৰ ক্ষেত্ৰত হিউ-এন-চাংৰ পৰ্য্যবেক্ষণ কেনে আছিল এই ক্ষেত্ৰত পণ্ডিত-গৱেষক সকলে নানা মত পোষন কৰে, কোনোৱে কয় হিউ-এন-চাংএ ইয়াৰ কোনো চিন-চাপ পোৱা নাছিল আৰু কোনোৱে কয় যে গুপ্ত অনুশীলনৰ বাবেই বুদ্ধবাদ অসমত গুপ্তভাৱেই অব্যাহত থকাৰ প্ৰমাণ পৰিব্ৰাজক জনে লাভ কৰিছিল। যি কি নহওক, কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ ৰাজদৰবাৰত অনুষ্ঠিত এক বৌদ্ধধৰ্মীয় সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ৰজা ভাস্কৰবৰ্মাই হিউ-এন-চাঙৰ সৈতে উপস্থিত হৈছিলগৈ।

বৰ্তমান

আধুনিক অসমৰ পৰা মহায়না বৌদ্ধবাদৰ সৰহভাগ চিহ্নই নোহোৱা হৈ গৈছে- আছে মাথো ইয়াৰ কিছু ধংসাৱশেষ, জনশ্ৰুতি আৰু বুৰঞ্জীমূলক অধ্যয়ন। সম্ভৱত ইতিহাসে কেতিয়াও প্ৰকাশ নকৰিব সেই সময়ত কি হৈছিল যাৰ ফলত অসমৰ পৰা এই পৰম্পৰা নাইকিয়া হবলৈ ধৰিছিল আৰু কেনেকৈ জানিছিল বুদ্ধ ভগবান বিষ্ণুৰ এক অৱতাৰ আছিল বুলি আৰু কৈত্য স্তম্ভই কেনেকৈ মন্দিৰৰ ৰূপ পালে- কিন্তু মহায়না বৰ্তি থাকিল অৰুণাচল প্ৰদেশত আৰু ইয়াৰ কাৰণ ই এই প্ৰদেশ তিব্বতৰ সমীপতে অৱস্থিত আৰু ইয়াতে থকা মধ্যযুগীয়া মঠ সমূহত বৰ্তমানেও শুদ্ধ তিব্বতি পৰম্পৰা অনুসৰণ কৰা হয়, যেনে গাল্ডেন নামগেই লাটছে মঠ যি টাৱাং মঠ হিচাপে বিখ্যাত।

আধুনিক অসমত থেৰাৱাৰাৰ ৰূপত বৌদ্ধবাদ জিয়াই থাকে, ইয়াৰ কাৰণ হৈছে টাই (ফাকে, এল্টন, খামইয়াং আৰু তুৰুং), চিংফু, খামটি, চাকমা আৰু চিতাংগং বৰুৱাৰ দৰে সম্প্ৰদায় সমূহৰ উপস্থিতি। আমোদজনক বিষয়টো হল এই সম্প্ৰদায় সমূহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ যিসমূহে ১৮শ শতিকাৰ ওচৰে-পাজৰে দক্ষিণ-পূব এচিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ প্ৰবজন কৰিছিল। এই সম্প্ৰদায় সমূহক দুষ্প্ৰাপ্য বুলি গণ্য কৰা হয় যি অবিচলিতভাবে নিজ নিজ সংস্কৃতি ৰক্ষা কৰি ৰাখিছে।

তেওঁলোক সকলে অনুসৰণ কৰা থেৰাৱাৰা পৰম্পৰা অতি প্ৰাচীন আৰু ক্ষুদ্ৰ সম্প্ৰদায় হিচাপে তেওঁলোক সকলক ভাৰতবৰ্ষৰ আটাইতকৈ শান্তি প্ৰিয় লোক বুলি গণ্য কৰা হয়। থেৰাৱাৰা বুদ্ধ বিহাৰ সমূহ অসমৰ বিভিন্ন স্থানত সিচৰিত হৈ আছে, বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। এই উজ্বল, স্বচ্ছ আৰু শান্তপূৰ্ণ বিহাৰ সমূহে দক্ষিণ-পূৱ এচিয়াৰ কিছুসংখ্যক বহিৰাগত কিন্তু দুষ্প্ৰাপ্য সম্প্ৰদায়ৰ পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শন কৰে