মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

বণ্যপ্ৰাণী

ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি প্ৰাপ্ত দুখনকৈ ৰাষ্ট্ৰীয় উদ্যানকে সামৰি মুঠ পাঁচখনকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু বহু কেইখন বণ্যপ্ৰণী আৰু পক্ষী অভয়াৰণ্যৰে ভৰা অসম হৈছে বণ্যপ্ৰাণী উদ্যমী সকলৰ বাবে এক আশীৰ্বাদপুষ্ট স্থান। মন-মগজু আলোড়িত কৰিব পৰা জৈৱবৈচিত্ৰতাৰ হৃদস্থানতে মহাবাহূৰ ব্ৰহ্মপুত্ৰ আৰু আৰু ইয়াৰ উপনৈ সমূহে বিভাজিত কৰা ৰসাল পৰ্বত আৰু উপত্যকাৰে সৈতে অসমৰ ভূসংস্থান আছে।

অসম হৈছে বিখ্যাত এশিঙিয়া গড়, ৰয়েল বেংগল বাঘ, সোণালী বান্দৰ আৰু হুলক গিবনৰ দৰে দুষ্প্ৰাপ্য জীৱ-জন্তু আৰু লগতে ভিন্ন প্ৰকাৰৰ প্ৰাণীকূলকে সামৰি প্ৰায় ১৮০ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ গৃহভূমি। অসমৰ দুখন বিখ্যাত আৰু জনপ্ৰিয় ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা আৰু মানস।

দুয়োখনকে ১৯৮৫ চনত বিশ্ব ঐতিহ্য স্থানৰ স্বীকৃতি প্ৰদান কৰা হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে প্ৰায় ৮৫৮বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি আছে আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ বানপ্ৰৱন দুয়োপাৰত অৱস্থিত। নিষ্পাদপ প্ৰান্তৰ ঘাঁহনি, পিটনী আৰু নদীৰ সোঁতে সৃষ্টি কৰা নদিদ্বীপৰ চৰ অঞ্চলৰ সৈতে ক্ষণস্থায়ী বনাঞ্চলেৰে আৱৰি থকা ই এক মিশ্ৰিত অঞ্চল। এই উদ্যানক পাঁচটা মণ্ডলত ভাগ কৰা হৈছে- কেন্দ্ৰীয় (কহৰাৰ প্ৰৱেশ অংশত), পশ্চিম (বাগৰীৰ প্ৰৱেশ অংশত), পূব (অগৰাতলীত), পশ্চিমাঞ্চলীয়া বুঢ়া পাহাৰ (ঘোৰাকাটিত) আৰু উত্তৰ। ইয়াৰে প্ৰথম চাৰিটা মণ্ডল নদীৰ দক্ষিণ পাৰত আৰু অন্তিমটো মণ্ডল উত্তৰ পাৰত অৱস্থিত।

কাজিৰঙাক চিৰস্মৰণীয় ৰূপত আৱিস্কাৰ কৰিবলৈ হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰাটো এক অনন্য উপায়, কিয়নো এইবিধ শান্ত প্ৰণীয়েহে কাজিৰঙাৰ দীঘল ঘাঁহনিবোৰৰ মাজেৰে দ্বিধাবিহিন ভাৱে গতি কৰি যাব পাৰে। বনৰীয়া মহ আৰু হৰিণৰ সৈতে ঘূৰিফুৰা অৱস্থাত উদ্যাখনৰ আটাইটকৈ মূল্যবান সম্পদস্বৰূপ গড় ভালেমান সংখ্যাত দেখিবলৈ পোৱা যায়।

কাজিৰঙাৰ ভ্ৰমণ কৰাৰ ববে আনটো বিকল্প হিচাপে গণ্য কৰা হয় জীপ চাফাৰী যি অতিকৈ জনপ্ৰিয়, কিয়নো ইয়াৰ জৰিয়তে অতি কম সময়ত উদ্যানৰ বৃহত্ এলেকা সামৰি লব পাৰি।

চাফাৰী কৰাৰ সময়ত ভ্ৰমণকাৰী সকলক শিষ্টাচাৰ ৰক্ষা কৰাৰ উপদেশ প্ৰদান কৰাই নহয় উদ্যান সংৰক্ষণৰ বুৰঞ্জীৰ বিষয়েও জ্ঞান প্ৰদান কৰা হয়, ১০০৮ চনত সংৰক্ষিত বনাঞ্চলৰ মৰ্য্যদা লাভ কৰা কাজিৰঙাত গড় হত্যা নিয়ন্ত্ৰন কৰাৰ উদ্যেশ্যৰে ইয়াক ১৯১৬বৰ্ষত অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়, আনুষ্ঠানিক ভাবে যাক উপ-মহাদেশসমূহত বিংশ শতিকাৰ শ্ৰেষ্ঠ সংৰক্ষণমূলক পদক্ষেপ হিচাপে বিবেচিত (কাজিৰঙা অভয়াৰণ্যঃ ২০০৫বৰ্ষত শতিকাৰ শ্ৰেষ্ঠ সফলতা উদযাপন) কৰা হয়। কাজিৰঙাৰ বৰ্তমানৰ সীমা ভাৰত চৰকাৰে ১৯৭৪ চনতে নিৰ্দ্ধাৰণ কৰিছিল। ভাৰত চৰকাৰৰ ব্যাঘ্ৰ প্ৰকল্প আঁচনিৰ অধীনত ইয়াক ২০০৭বৰ্ষত পুনৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়।

বিশ্বৰ ৭০শতাংশ এশিঙীয়া গড়ৰ আশ্ৰয়স্থল হৈছে এই অভয়াৰণ্য। দেশৰ সৰ্বাধিক হাৰত ব্যাঘ্ৰ চিকাৰ আৰু ব্যাঘ্ৰ জৈৱবস্তুপুঞ্জ পোৱা যায় এই অভয়াৰণ্যত।

মানস ৰাষ্ট্ৰীয় উদ্যান

পশ্চিম অসমৰ হিমালয়ান পাদদেশত অৱস্থিত মানস দৰাচলতে ১৯২৮ চনৰ পৰাই ক্ৰীড়া সংৰক্ষিত অঞ্চল হিচাপে আছিল যদিও ১৯৭৪ চনত ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল, ১৯৮৫ চনত বিশ্ব ঐতিহ্য স্থান আৰু ১৯৮৯বৰ্ষত ইয়াক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল ঘোষণা কৰা হয়। তাৰপাচতেই ১৯৯০ত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। পশ্চিম বংগৰ বুক্সা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সমীপৱৰ্তী এই উদ্যানক ২০০৩ বৰ্ষত চিৰাং-ৰিফু হস্তী সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয় যাক ভাৰত-ভুটানৰ মাজত হস্তী প্ৰবজনৰ মূল দীঘলী-বাট স্বৰূপ। ৫০০বৰ্গ কিলোমিটাৰ অঞ্চল বিস্তিৰ্ণ হৈ থকা এই উদ্যানত অত্যাধিক হাৰত ঘাঁহনি-বননী আছে আৰু এই উদ্যান ইয়াৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ বাবে বিখ্যাত। এই উদ্যান হৈছে প্ৰায় ২০ প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰাণীৰ আশ্ৰয়স্থল।

বিশ্বৰ এক দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰ হিচাপে বিবেচিত, সোণালী বান্দৰক এই উদ্যানত বিংশ শতিকাৰ মাজভাগত আবিষ্কাৰ কৰা হৈছিল। ইয়াত সাধাৰণতে উপলব্ধ আন স্তন্যপায়ী প্ৰাণী সমূহ হৈছে গড়, হাতী, বাঘ, নল-গাহৰি, নোমাল শহাপহু, অসমীয়া বান্দৰ, ৰেচাচ বান্দৰ, নাহৰফুতুকী, সোণালী মেকুৰী, গধা ফুটুকি, লতামাকৰি, বনৰীয়া মেকুৰী, বিশালকায় ভাৰতীয় জহামল, ক্ষুদ্ৰকায় ভাৰতীয় জহামল, তাড়ি মেকুৰী, হিমালয়ান তাড়ি জহামল, বিন্তুৰং, সাধাৰণ নেউল, সৰু ভাৰতীয় নেউল, হিমালয়ান কলা ভালুক, এলেহুৱা ভালুক, গৌৰ, জল মহ, শৰপহু, খটীয়া পহু, সুগৰি পহু, দল হৰিণা, বনৰীয়া গাহৰী ইত্যাদি।

কেনৈকৈ গৈ পাবঃ গুৱাহাটীৰ পৰা ১৭৬কিলোমিটাৰ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনৰ পৰা ২০কিলোমিটাৰ দুৰত্বত অৱস্থিত।

যোগাযোগ কৰিব লগা ব্যক্তিঃ সঞ্চালক, মানস ৰাষ্ট্ৰীয় উদ্যান, যোগাযোগ নম্বৰঃ +৯১ ৩৬৬৬-২৬০২৮৮

ভ্ৰমণৰ বাবে উত্তম সময়ঃ নবেম্বৰৰ পৰা এপ্ৰিল।

পবিতৰা ৰাষ্ট্ৰীয় উদ্যান

পবিতৰাৰ অঞ্চল কেৱল ৩৮.৮১বৰ্গ কিলোমিটাৰ পৰিসীমাতেই আৱদ্ধ, কিন্তু বিশ্বৰ সৰ্বাধিক গড়ৰ ঘনত্ব ইয়াতেই উপলব্ধ (২০১২বৰ্ষৰ পিয়ল অনুসৰি ৯৩)। ই হৈছে কাজিৰঙাৰ এক ক্ষুদ্ৰ ৰূপ, যাক ভ্ৰমণকাৰী সকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰদৰ্শনীকক্ষ হিচাপেও গণ্য কৰা হয় যি অতি কম সময়ৰ ভ্ৰমণৰ বাবে এক আদৰ্শ বনাঞ্চল। কোনো লোকে গুৱাহাটীৰ পৰা গৈ হাতীৰ পিঠিত উঠি অভয়াৰণ্যখন আবিষ্কাৰ কৰি এদিনতে ঘুৰি অহিব পাৰে বা তাতে থকা বাংলোত নিশা পাৰ কৰিবও পাৰে। গুৱাহাটীৰ পৰা দুৰত্বঃ ৩৫কিলোমিটাৰ (পূব)।