মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
আবৰ্তন অনুসৰি

আবৰ্তন ১

গন্তব্য স্থানঃ গুৱাহাটী-কাজিৰঙা-নামেৰী-দিৰাং-টাৱাং-বমদিলা-তেজপুৰ-গুৱাহাটী

পেকেজঃ ৮ৰাতি/৯দিন
লক্ষ্যনীয় দিশ:

» প্ৰাতঃভোজনৰ সৈতে দুজন লোক একেলগে থাকিব পৰা ভিত্তিক সুবিধা।

» সকলো স্থানান্তৰণ

» সুচী অনুসৰি পৰ্য্যটন স্থান প্ৰদৰ্শন

» কাজিৰঙাত জীপ আৰু হস্তী চাফাৰী

» ব্ৰহ্মপুত্ৰ নৈত নৌকা বিহাৰ

» অভিজ্ঞ পথ প্ৰদৰ্শকৰ দ্বাৰা সেৱা প্ৰদান

প্ৰথম দিনঃ গুৱাহাটী-কাজিৰঙা

গুৱাহাটী বিমান বন্দৰত/ৰেল ষ্টেচনত উপস্থিত হোৱা। অভ্যৰ্থনা আৰু হোটেলত স্থানান্তৰ কৰা। হোটেলত সতেজ হৈ উঠাৰ পাছত প্ৰথমে অসম ৰাজ্যিক সংগ্ৰহালয়, অসম এম্পোৰিয়াম ভ্ৰমণ আৰু তাৰ পাছতেই মহাবাহু ব্ৰহ্মপুত্ৰ নৈত নৌকা বিহাৰ। গুৱাহাটীত কটোৱা। সময়ৰ অনুমতি, সংগ্ৰহালয় আৰু এম্পোৰিয়াম দৰ্শন। ব্ৰহ্মপুত্ৰত এক নৌকা বিহাৰ উপভোগ কৰক।

দ্বিতীয় দিনঃ গুৱাহাটী-কাজিৰঙা

পুৱাই সোণকালে কামাখ্যা দৰ্শন। প্ৰাতঃআহাৰ গ্ৰহণৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাননৈ গমন (২৪০কিলোমিটাৰ/চাৰি ঘণ্টা) – এক বিশ্ব ঐতিহ্য স্থান যত পৃথিৱীৰ ৮০ শতাংশ এশিঙিয়া গড়ৰ গৃহভূমি আৰু লগতে ই এক ব্যঘ্ৰ সংৰক্ষিত অঞ্চল। ইয়াত বুজন সংখ্যক এছিয় হস্তী, জলমহ আৰু বিভিন্ন প্ৰকাৰৰ প্ৰাণীকুলৰ লগতে ঘাঁহনি, জেং আৰু কাইটিয়া বেট, ইকৰা আৰু চিৰ সেউজ গছ-গছনি আৰু জলাশয় সমূহ উপলব্ধ। দেশী-বিদেশী প্ৰায় ৫৫০প্ৰজাতিৰ পক্ষীকুলো উপলব্ধ এই উদ্যানত। দুপৰীয়া অগৰাতলি অঞ্চলত এক জীপ চাফাৰী প্ৰদান কৰা হয়। নিশা কাজিৰঙাত কটোৱা।

৩য় দিনঃ কাজিৰঙা – নামেৰি ৰাষ্ট্ৰীয় উদ্যান

ৰাতিপূৱাই সোণকালে কেন্দ্ৰীয় মণ্ডলত হস্তী চাফাৰী কৰা। প্ৰাতঃআহাৰ গ্ৰহণৰ পাছতে তেজপুৰলৈ যাত্ৰা আৰু তাত অগ্নিগড় দৰ্শন, যি ভূমি বিখ্যাত উষা-অনিৰূদ্ধৰ প্ৰেম-কাহানীৰ সৈতে জড়িত। এই পাহাৰৰ উপৰৰ পৰা ইয়াৰ চাৰিওফাললৈ চকু ফুৰাব পাৰি। আন আকৰ্ষণ সমূহৰ ভিতৰত আছে মনোমোহা নিজৰা আৰু বিলাসিতাৰে খেতি কৰা কাঠফুলাৰ শাৰী, বামুণি পাহাৰ; ৯ম আৰু ১০ম শতিকাৰ গুপ্ত শাসন কালৰ সৈতে জড়িত ভাস্কৰ্য্যৰ ধংসাৱশেষৰ ৰূপত থকা আকৰ্ষণ সমূহ ধৰি ৰখাৰ বাবে বিখ্যাত। এই সকলোবোৰে গুপ্ত শাসন কালৰ কলা আৰু ভাস্কৰ্য্যৰ পৰিচয় দিয়ে, কোল পাৰ্ক; চিত্ৰলেখা উদ্যান হিচাপে খ্যাত এই উদ্যান নগৰ খনৰ মাজমজিয়াতে অৱস্থিত। ঘোৰৰ জোতা আকাৰৰ সুন্দৰ হ্ৰদৰ লগতে প্ৰাকৃতিক ভাবে নিৰ্মিত খোজ কঢ়া আলি, কেইযোৰা মান সু-সজ্জিত বামুনি পৰ্বতৰ স্তম্ভ অন্তৰ্ভুক্ত হৈ আছে এই উদ্যানত। তেজপুৰ পৰ্য্যটন নিবাসত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন। প্ৰাকৃতিক শিৱিৰত কটোৱা।

৪ৰ্থ দিনঃ নামেৰি ৰাষ্ট্ৰীয় উদ্যান

পুৱতিনিশাই প্ৰাতঃআহাৰ গ্ৰহণ কৰাৰ পাছত পাঁচ বযাতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ (ট্ৰেকিং) দিশে গতি কৰা। এই উদ্যান হৈছে অসমৰ দ্বিতীয় ব্যঘ্ৰ সংৰক্ষিত অঞ্চল। এই উদ্যানে সৰাপাতৰ জংঘল, পাহাৰ আৰু ইয়াৰ মাজেৰে বৈ যোৱা জিয়া-ভৰলী নৈ সামৰি আছে। এই চহকী বণ্যপ্ৰাণীৰ উদ্যান বাঘ, কলা ভালুক, হাটী, নাহৰ ফুটুকি, গধা ফুটুকি, ভাৰতীয় মেঠোন, বন-ৰৌ, ভাৰতীয় বনৰীয়া কুকুৰ, হৰিণ, জহামল, টুপীমূৰীয়া বান্দৰ, ফেউৰা ইত্যাদিক সামৰি বসতি অঞ্চল। বিভিন্ন প্ৰজাতিৰ পক্ষী যেনে দুষ্প্ৰাপ্য বগা পাখিৰ হাঁহ, চাৰি প্ৰজাতিৰ হৰ্নবিল পক্ষী, পখিলা আৰু সৰিসৃপো উপলব্ধ এই উদ্যানত। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছতেই জিয়া-ভৰলীত ৰাফ্টিং উপভোগ কৰক। ইক-কেম্পট কটোৱা।

৫ম দিনঃ নামেৰি – দিৰাং

প্ৰাতঃ আহাৰ গ্ৰহণৰ পাছত দিৰাং অভিমূখে যাত্ৰা(১৮০কিলোমিটাৰ / ৬ঘণ্টা)- অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীৰ বসতি অঞ্চল। পথত টিপ্পি অৰ্কিড কেন্দ্ৰ আকু চেচা অৰ্কিড অভয়াৰণ্য ভ্ৰমণ কৰিব পৰা যাব। নিশা দিৰাংত কটোৱা।

৬ষ্ঠ দিনঃ দিৰাং - টাৱাং

প্ৰাতঃ আহাৰৰ পাছত টাৱাং অভিমূখে যাত্ৰা (১৪৭কিলোমিটাৰ / ৭ঘণ্টা)। যাত্ৰা পথত চেলা পাচত চেলা হ্ৰদ(১৩৭৪৬ফুট উচ্চতা), যচৱন্তগড়- চেলা পাচৰ পৰা ১৬কিলোমিটাৰ নিলগত অৱস্থিত এজন বীৰ ভাৰতীয় সেনাৰ শ্বহীদ ভূমি, যিজন সেনাই ১৯৬২চনৰ চিনা আক্ৰমণৰ সময়ত সেই অঞ্চলত অকলেই আগুৱাই আহি থকা চিনা সেনাক বাধা দিয়াৰ চেষ্টা কৰিছিল। টাৱাঙত আহি উপস্থিত হোৱাৰ লগে লগেই এক নিৰ্দিষ্ট দুৰত্বৰ পৰা বিখ্যাত টাৱাং মঠ দেখা পোয়া যায়। বিয়লি বেলা টাৱাং দৰ্শন।

টাৱাঙত নিশা কটোৱা।

ষষ্ঠ দিনঃ টাৱাং

টাৱাং ভ্ৰমণ- টাৱাং মঠ, উন্নি গোম্পা (মহিলা মঠ), ইউৰিগিলিং (ষষ্ঠ দালাই লামাৰ জন্মস্থান) আৰু পিটচু হ্ৰদলৈ সৌন্দৰ্য্য যাত্ৰা যি চিনা সিমান্তৰ সমীপতে অৱস্থিত।

গধূলি টাৱাঙলৈ ঘুৰি আহা।

টাৱাঙত নিশা কটোৱা।

৭ম দিনঃ টাৱাং – বমদিলা

বমদিলালৈ ঘুৰি অহা যাত্ৰা(১৭০কিলোমিটাৰ / ৭ঘণ্টা) নিশা বমদিলাত কটোৱা।

৮ম দিনঃ বমদিলা – তেজপুৰ

প্ৰাতঃআহাৰৰ পাছতে বুদ্ধ মন্দিৰ, শিল্প কেন্দ্ৰ, সংগ্ৰহালয় ভ্ৰমণ। দুপৰীয়াৰ আহাৰৰ পাছত তেজপুৰ অভিমুখে যাত্ৰা (২০০ কিলোমিটাৰ/৬ঘণ্টা)। নিশা তেজপুৰত কটোৱা।

৯ম দিনঃ তেজপুৰ-গুৱাহাটী

প্ৰাতঃআহাৰৰ পাচতে গুৱাহাটী অভিমূখে যাত্ৰা (১৯০কিলোমিটাৰ/৪.৫ঘণ্টা)- উত্তৰ-পূৱৰ দুৱাৰমূখ, যি মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালে অৱস্থিত, পথতে কলিয়াভোমোৰাত থকা বিনোদনৰ উদ্যান আৰু নাজিৰাখাটত থকা এন.ই. জনজাতীয় সংগ্ৰহালয় দৰ্শন। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত বিমান বন্দৰ বা ষ্টেচনত বিদায় দিয়া।