মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

গন্তব্যস্থান

আবৰ্তন অনুসৰি

গোটেই বছৰযুৰি অসম জীপাল সেউজীয়া হৈ থাকে যদিও বৰ্ষা কালত এই বৰণৰ অধিক বিষ্ফোৰণ ঘটে। গ্ৰীষ্মকালত অৰ্থাত বৰ্ষাকালত, যি মে মাহৰ পৰা অক্টোবৰ মাহলৈ বাহাল থাকে, এই সময়ত অসম ভ্ৰমণ অতি সুখকৰ হৈ পৰে। গ্ৰীষ্ম কালত দিনৰ ভাগত ইয়াৰ তাপমাত্ৰা ৩৫ডিগ্ৰিলৈ বৃদ্ধি পায়। যদিহে আপুনি গ্ৰীষ্মকালত অৱসৰ বিনোদনৰ বাবে জিপাল সেউজ অসমখন ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে তেনেহলে আপুনি কেইটামান কথা মনত ৰাখিব পাৰে।

অসমৰ প্ৰশান্ত চাহ বাগানলৈ এক যাত্ৰা পৰিকল্পনা কৰক যত আপুনি বৃটিছ যুগৰ সকলো অত্যাধুনিক সা-সুবিধাযুক্ত বাংলোত জিৰণি লওঁক। প্ৰশান্ত আৰু জিপাল সেউজীয়া চাহ খেতিৰ মাজতে থকা তেওঁলোকৰ ঔপনিবেশিক সজ্জাই আপোনাক সঠিক পথ প্ৰদান কৰিব। বিশ্ববিখ্যাত অসমৰ চাহ পাণ কৰি কৰি বৰষুণলৈ দৃষ্টি নিক্ষেপ কৰি চাৰিওফালে থকা সেউজৰ প্ৰশংসাৰে আপুনি দিন পাৰ কৰক।

যিসকলে বেছিভাগ ক্ষেত্ৰীয় ভ্ৰমণযুক্ত অৱসৰ বিনোদন কৰিব বিচাৰে, তেওঁলোকক ব্যস্ত কৰি ৰাখিবৰ বাবে ইয়াত বহুবোৰ কাৰ্য্যক্ৰমণিকা আছে যেনে চাহৰ সোৱাদ লোৱাৰ লগতে চাহ উদ্যোগ ভ্ৰমণ, চাহ নিলাম কেন্দ্ৰ ভ্ৰমণ, চাহ গৱেষণা কেন্দ্ৰ ভ্ৰমণ, স্থানীয় বজাৰ ভ্ৰমণ আৰু গ্ৰাম্যাঞ্চল ভ্ৰমণ। বণ্যপ্ৰাণী উদ্যমী সকলৰ বাবে বিশ্বৰ ১৯ জৈৱ-বৈচিত্ৰিক স্থানৰ ভিতৰত অন্যতম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান গোটেই বছৰ যুৰি মুকলি থাকে। ৬৫০বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা এই উদ্যান তিনিচুকিয়ী নগৰৰ পৰা মাত্ৰ ১২কিলোমিটাৰ দুৰত্বত অৱস্থিত। ইয়াৰ সমীপৱৰ্তী বিমান বন্দৰ হৈছে ডিব্ৰুগড় বিমান বন্দৰ যি তিনিচুকীয়াৰ পৰা ৪০কিলোমিটাৰ নিলগত।