মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
আবৰ্তন অনুসৰি

আবৰ্তনঃ২

গন্তব্যস্থানঃ গুৱাহাটী-চেৰাপুঞ্জী-শ্বিলং-মাওলিনং-গুৱাহাটী

পেকেজঃ পাঁচ নিশা আৰু চয় দিন

১ম দিন- গুৱাহাটীত আহি উপস্থিত হোৱা:

গুৱাহাটী বিমান বন্দৰত/ৰেল ষ্টেচনত উপস্থিত হোৱা। অভ্যৰ্থনা আৰু হোটেলত স্থানান্তৰ কৰা। হোটেলত সতেজ হৈ উঠাৰ পাছত প্ৰথমে অসম ৰাজ্যিক সংগ্ৰহালয়, অসম এম্পোৰিয়াম ভ্ৰমণ আৰু তাৰ পাছতেই মহাবাহু ব্ৰহ্মপুত্ৰ নৈত নৌকা বিহাৰ। গুৱাহাটীত কটোৱা।

২য় দিন- গুৱাহাটী-চেৰাপুঞ্জীঃ

প্ৰাতঃআহাৰৰ পাচত অন্যতমটো হিন্দু ধৰ্মীয় ধৰ্মস্থল কামাখ্যা দৰ্শন আৰু লগতে বালাজি মন্দিৰ- তিৰুপতি বালাজি মন্দিৰৰ ক্ষুদ্ৰ আৰ্হি, আৰু ভীমশংকৰ জ্যোতিৰ লিংগ দৰ্শন- বিশ্বাস কৰা মতে এই স্থান হৈছে মুঠ বাৰতা স্থানৰ অন্যতমটো যত মহাদেৱে বহুবাৰ নিজে এক প্ৰকাশৰ ৰূপত আহি উপস্থিত হৈছেহি। চেৰাপুঞ্জী অভিমূখে গমন (১৪৬কিলোমিটাৰ), তিনিঘণ্টা যাত্ৰাসময়ৰ প্ৰয়োজন হোৱা এই স্থানক পৃথিৱীৰ ভিতৰতে আটাইতকৈ জীপাল বুলি গণ্য কৰা হয়। চেৰাপুঞ্জীত বহুসংখ্যক সুন্দৰ নিজৰ আৰু চুণশিলেৰে গঠিত গোহা উপলব্ধ। বিশ্বৰ চতুৰ্থটো উচ্চতাৰ নকালিকাই নিজৰা, মৌচমি নিজৰা, থাংৰাখাং উদ্যান আৰু মেঘালয়ৰ ১০০টা পূৰণিকলিয়া চুণশিলৰ গোহাৰ ভিতৰত অন্যতম মৌচমি গোহা দৰ্শন আৰু অবশেষত নিশা চেৰাপুঞ্জীত কটোৱা।

৩য় দিন-চেৰাপুঞ্জী-শ্বিলং:

প্ৰাতঃআহাৰৰ পাছতে জীৱন্ত শিপাৰ দলং দৰ্শন, শ্বিলং অভিমূখে দুপৰীয়াৰ আহাৰৰ বাবে যাত্ৰা। শ্বিলং আহি পোৱাৰ পাছত হোটেল বা ৰিজৰ্টত প্ৰৱেশ।

৪ৰ্থ দিন- শ্বিলং-দিনযোৰাকৈ মাওলিনং ভ্ৰমণ:

আলোকচিত্ৰৰ বাবে উপযোগী মাওলিনং গাঁৱলৈ আধাদিনিয়া যাত্ৰা, যি এচিয়াৰ আটাইতকৈ স্বচ্ছ গাঁও হিচাপে খ্যাত। তাৰ পাছত বাকী আধা দিন শ্বিলং চহৰ ভ্ৰমণ। ভব্যশালী চহৰ খনত আছে বহুসংখ্যক পৰ্য্যটন স্থলিঃ ৱাৰ্ড হ্ৰদ; যি অল্প উদ্যান খোজ কঢ়াৰ বাবে আৰু নোকা চলোৱাৰ বাবে খ্যাত, বঁটানিকেল উদ্যান; যি বহু প্ৰকাৰৰ বিশাল সংখ্যক স্থানীয় আৰু বহিৰাগত সংগ্ৰহিত অৰ্কিড প্ৰতক্ষ্য কৰাৰ সুবিধা প্ৰদান কৰে, পখিলা সংগ্ৰহালয়; দুষ্প্ৰাপ্য প্ৰজাতিৰ পখিলা আৰু চগা সংগ্ৰহৰ এক সুন্দৰ স্থলী, লেডি হাইদাৰি উদ্যান; গোলাপৰ শাৰি আৰু সুন্দৰ সুন্দৰ ফুলেৰে ভৰা এই উদ্যানৰ দৃশ্যাৱলী জাপানী আৰ্হিৰ, এলিফেন্ট নিজৰা; দুটা অৱহমান পাহাৰুৱা সোঁতৰ নিজৰা যি ঢেকীয়া পাত আৱৰিত শিলাখণ্ডত আহি পৰিছেহি। অন্য নিজৰাবোৰ হৈছে বিছপ আৰু বিদন নিজৰা, স্প্ৰেদ ইগল নিজৰা, চুইট নিজৰা, ক্ৰিনলিন নিজৰা ইত্যাদি। নিশা চিলঙত কটোৱা।

৫ম দিন-শ্বিলং-গুৱাহাটী:

প্ৰাতঃআহাৰ গ্ৰহণৰ পাছতেই গুৱাহাটী অভিমূখে যাত্ৰা আৰু পথত বৰাপানী হ্ৰদত জলক্ৰীড়া উপভোগ কৰা। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছতে গুৱাহাটীলৈ যাত্ৰা কৰি হোটেলত প্ৰৱেশ কৰা।

৬ষ্ঠ দিনঃ বিমান বন্দৰ/ৰেল ষ্টেচন

প্ৰাতঃ আহাৰৰ পাছতেই বিমান বন্দৰ/ৰেল ষ্টেচনত বিদায় আৰু যাত্ৰা সমাপ্ত।

পেকেজৰ অন্তৰ্গতঃ

» দুজন লোক একেলগে শোৱাৰ ভিত্তিত ব্যৱস্থা

» সকলো স্থানান্তৰ, আহাৰ (বি)

» পৰ্য্যটক পথ প্ৰদৰ্শকৰ সংগত

» সকলো প্ৰযোজ্য কৰ

পেকেজৰ বাহিৰতঃ

» ব্যক্তিগত খৰচ যেনে টেলিফোল কল, কেমেৰা, ধোবাৰ খৰচ, ইন্টাৰনেট, টিপ ইত্যাদি।

» মেজৰ আহাৰ যেনে দুপৰীয়াৰ আহাৰ নিশাৰ আহাৰ।