মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

গ্ৰামীণ কবজ

এখন গাঁও যত যাদু সাধনা কৰা হয় সেইয়া হৈছে মায়ং যি গুৱাহাটীৰ পৰা ৩০কিলোমিটাৰ আৰু পবিতৰা অভয়াৰণ্যৰ সমীপবৰ্তী। এক যাদুৰ পৰিবেশেৰে পৰিপুষ্ট মায়ং হৈছে এক ৰহস্যময়ী স্থান যত ১২০ গৰাকী ভূতীয়া আৰু ডাইনী চিকিত্সক ওজা বা বেজ আছে যাৰ প্ৰায় সকলো অসুবিধাৰেই সমাধান আছে আৰু ভূতে ধৰা মানুহকো এওঁলোকে চিকিত্সা কৰে। মায়াংৰ চাৰিওকাষে টিলা সমূহত থকা মন্দিৰ সমূহৰ অৱশিষ্টই অতীতৰ কলা যাদু সাধনাৰ সাক্ষ্য বহন কৰে।

অঞ্চলটোত থকা চাৰিটা মূল মন্দিৰ হৈছে বুঢ়া মায়াংৰ কেচাইখাইতি মন্দিৰ, হিলয়খুণ্ডাৰ নৰসিংহ আশ্ৰম, হাতীমূৰীয়াৰ গণেশ মন্দিৰ আৰু কেচাশিলাৰ শিৱ মন্দিৰ আৰু লগতে সম্প্ৰদায়িক সংগ্ৰহালয়ে প্ৰাচীন যাদু সাধনাৰ কথাকে প্ৰদৰ্শন কৰে। (যোগাযোগ কৰকঃ মায়ং গ্ৰামীণ সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ, মোবাইল- ৯৮৫৪৪৭৯৭৪৬)

পাট শিপিনী আৰু ব্যৱসায়ীৰে ভৰা গুৱাহাটী পৰা প্ৰায় একে দুৰত্বতে উত্তৰ-পশ্চিম দিশত অৱস্থিত শুৱালকুছিক পূৱৰ মানচেষ্টাৰ হিচাপে গণ্য কৰা হয়। আধুনিক দিবসীয় ৰপ্তানি প্ৰচাৰ মণ্ডলৰ আৰ্হি হিচাপে ৩৭০বছৰ পূৰ্বে শুৱালকুছি স্থাপিত হৈছিল কিন্তু ইয়াত আৰম্ভ হল ৰেচম বিদ্যা। চাৰিশ খৃষ্টপুৰ্বত ইয়াক স্বৰ্ণকুচী (সোণালী মণ্ডল) বুলি কোৱা হৈছিল। মূগা বা সোণালী সুতাৰ সৈতে নামটো প্ৰায় একে মাণৰ।

শুৱালকুছিৰ শিপিনী সকলে মূগা আৰু দূষ্প্ৰাপ্য মেজাংকৰীৰ উপৰিও ৰূপালী-ক্ৰিমী পাট আৰু উলৰ দৰে গৰম এড়ী বা এন্ডিৰ দৰে বিচিত্ৰ দেশীয় ৰেচমো মথন কৰি আহিছে। প্ৰায় চাৰি হাজাৰ গৃহত ঘৰে প্ৰতি কমেও পাচঁখনকৈ তাঁত আছে আৰু ইয়াত জীৱনটো যেন অবিৰাম গতিত চলি থকা অন্তহীন টিক-এ-টাক-টিক শব্দ সংগীতৰ মাজতে অতিবাহিত হয়।এই সংগীতে প্ৰবৰ্তন কৰে বছৰি ৮০০নিযুত টকাৰ চাৰি নিযুত বৰ্গমিটাৰ পাট কাপোৰ।

ই ৰুপান্তৰিত হয় ১০১মেট্ৰিক টনতকৈও অধিক মূগালৈ, ৮২০টন এৰীলৈ আৰু ১২টন পাটলৈ। এই সুতা তৈয়াৰ কৰা হয় পলুৰ পৰা যি সমগ্ৰ অসমৰ প্ৰায় ১৯,৩০০ হেক্টৰ ভূমিত কৰা নুনী আৰু অন্য প্ৰাকৃতিক সংবেদনশীল উদ্ভিদৰ জৰিয়তে উতপন্ন কৰা হয়।

শুৱালকুছিলৈ যাওতে পথতে পোৱা যায় গন্ধমৌ নামেৰে ঠাইদোখৰ, যি এক গ্ৰামীন পৰ্য্যটনথল যত ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত স্থানীয় খাদ্যৰ লগতে খেতিৰ অভিজ্ঞতাও লাভ কৰিব পাৰি (মোবাইলঃ ৯৮৫৯২৯১০৮১)।

ইয়াৰ ওচৰতে থকা পবিত্ৰ হাজো নগৰকো বেৰি আছে বহুকেইখন গাঁৱে যত প্ৰচুৰ পৰিমাণে ফুলৰ খেতি কৰা হয়। অঞ্চলটোত বসবাস কৰা মৰিয়া সম্প্ৰদায়ৰ লোক সকলে আনহাতে অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰধান কাঁহ ধাতুৰ উদ্যোগ।

ডিব্ৰুগড়ৰ পৰা ৭০কিলোমিটাৰ নিলগত পূব অসমত থকাচাচনী মেৰবিলত (নাহৰকটীয়াৰ ওচৰত) এক প্ৰাকৃতিক পৰ্য্যটন প্ৰকল্প আছে যি প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা হ্ৰদ, ২৫০বিধতকৈ অধিক উদ্ভিদকুল, ২০০প্ৰজাতিতকৈও অধিক দেশীয় আৰু বিদেশী পক্ষীকুল আৰু বহু প্ৰজাতিৰ সৰিসৃপ তথা পতংগ প্ৰাণীকুলেৰে পৰিপুষ্ট। ভ্ৰমণকাৰী সকলে গাঁৱৰ বাসিন্দাৰ সৈতে বা নিজাববীয়াকৈও দিনযোৰাকৈ এই প্ৰকল্প ভ্ৰমণ কৰিব পাৰে যত তেঁওলোকে নাহৰফুটুকী, বান্দৰ, হৰিণ, শহাপহু, কাছ আৰু জেঠি আদিৰ দৰে অনেক বণ্যপ্ৰাণী পৰিলক্ষিত কৰিব পাৰে।

পক্ষীকুলৰ ভিতৰতো বহু প্ৰজাতিৰ হাঁহ, সাধাৰণ ক্ষুদ্ৰ হাঁহ, বৰটোকোলা, বাদামী তিক্ততা, বগলী, কাউৰী, নীলা বক্ষযুক্ত বঁটা চৰাই, কলা চূড়াযুক্ত বুলবুল,সোণালী পক্ষিৰ চৰাই, কলা ভীমৰাজ, ৰঙা-শমীবৃক্ষ বালিঘোঁৰা আৰু শগুন পৰিলক্ষিত হয়। গাঁওবাসীয়ে এটা পাক ঘুৰোৱাই বিভিন্ন স্থান প্ৰদৰ্শন কৰাৰ লগতে কলা চাহ আৰু টিল পিঠাৰে আপ্যায়ন কৰে, লগতে বিভিন্ন কাহিনী শুনোৱাই আৰু অঞ্চলটোত থকা ঠাই যাচে।