মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
আবৰ্তন অনুসৰি

আবৰ্তন ৪

গন্তব্য স্থানঃ ডিব্ৰু-চৈখুৱা ৰাষ্ট্ৰীয় উদ্যান – দিহিং পাটকাই – ডিব্ৰুগড়

পেকেজঃ ৪নিশা/পাঁচ দিন
পেকেজৰ অন্তৰ্গতঃ

» দুজন লোক একেলগে শোৱাৰ ভিত্তিত ব্যৱস্থা

» সকলো স্থানান্তৰ, আহাৰ (বি)

» পৰ্যটনক্ষেত্ৰ প্ৰদৰ্শন

» নাঁৱেৰে ভ্ৰমণ

» পৰ্য্যটক পথ প্ৰদৰ্শকৰ সংগত

১ম দিনঃ

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত আদৰণি আৰু তাৰ পৰা তিনিচুকীয়া অভিমূখে যাত্ৰা (৩৪কিলোমিটাৰ, দেৰ ঘণ্টাৰ যাত্ৰা)। ৰিজৰ্ট/ইক কেম্পট প্ৰৱেশ।

২য় দিনঃ

পুৱাই বাৰেকুৰী গাঁও ভ্ৰমণ কৰি আৰু হলক গিবন প্ৰত্যক্ষ্ কৰি ডিব্ৰু-চৈখুৱা ৰাষ্ট্ৰীয় উদ্যান অভিমূখে ভ্ৰমণ কৰা যি তিনিচুকীয়া নগৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দুৰত্বত অৱস্থিত। ডিব্ৰু, ব্ৰহ্মপুত্ৰ আৰু লোহিত নৈয়ে এই অঞ্চলক আগুৰি আছে। এই উদ্যান ইয়াৰ জীপাল চিৰসেউজ বনাঞ্চল আৰু গ্ৰীষ্মমণ্ডলীয় আদ্ৰতাৰ সৰাপাত জংঘলৰ বাবে খ্যাত। ইয়াৰ বগা ঘোৰা আৰু আন বহু জীৱ-জন্তুৰ লগতে বিভিন্ন প্ৰকাৰৰ মাছৰ বাবেও এই উদ্যান বিখ্যাত। ৰিজৰ্ট/কেম্পলৈ ঘুৰি আহি নিশা কটোৱা।

৩য় দিনঃ

প্ৰাতঃআহাৰৰ পাছতে দিহিং পাটকাই অভয়াৰণ্যলৈ যাত্ৰা কৰা যি ইয়াৰ চহকী জৈৱ-বৈচিত্ৰৰ বাবে জনাজাত। বণ্যপ্ৰাণী পৰ্য্যটকৰ বাবে মূল আকৰ্ষণ। ইয়াৰ অতুলনীয় উদ্ভদকুলৰে ভৰা এই অতি ঘন বণাঞ্চলে মত্ৰমূগ্ধ কৰি তুলে। দিহিং নদীৰ পাৰ দুটাই এক সুন্দৰ নৈসৰ্গিক দৃশ্যৰ সৃ্ষ্টি কৰে। নিশা নাম-ফাকে গাঁৱত কটোৱা আৰু ইয়াৰ স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰা।

৪ৰ্থ দিনঃ

প্ৰাতঃআহাৰৰ পাছতে পখিলাৰ বাবে উত্সৰ্গিত এক স্থানলৈ গমন কৰা। নামচাই অভিমূখে গমন যাক গল্ডেল পগোড়াৰ ভূমি বুলি কোৱা হয়। ইয়াৰ সমীপতে থকা দিহিং নৈয়ে নামচাইৰ বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়াই আহিছে। এই স্থানলৈ ভ্ৰমণ কৰিলে ইয়াৰ জনগোষ্ঠিয় লোক সকলৰ ৰঙীণ সংস্কৃতি চোৱাৰ সুযোগ লাভ কৰিব পাৰি। প্ৰকৃতিৰ সৈতে সমন্বয় ৰক্ষা কৰি বসবাস কৰা এই সকল জনজাতীয় লোকে এক সুন্দৰ আৰু প্ৰকৃত জীৱন শৈলী বাহাল ৰাখিছে। নামফাকিয়াল গাঁৱলৈ ঘুৰি আহি টাই প্ৰজাতিৰ শাখা সমূহ আবিষ্কাৰ কৰা, যি পাছৰ অৰ্ধ ১৮শতিকাত অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকে পাটকাই পাহাৰ পাৰ হৈ আহি মগোং (বৰ্তমান ম্যানমাৰত) নামে ঠাইত ১৭০০ খৃষ্টাব্দলৈ বসবাস কৰিছিল। ইয়াৰে ‘ফাকে’ শব্দটো টাই শব্দ ‘ফা’ৰ পৰা গ্ৰহণ কৰা হৈছে যাৰ অৰ্থ হৈছে দেৱাল আৰু ‘কে’ৰ অৰ্থ হল পূৰণা প্ৰাচীন কাল। সেই সময়ত এই প্ৰাচীন শিলৰ দেৱালৰ কাষতে চাৰিওফালে থকা সকলক ‘কোনফাকে’ বুলি কোৱা হৈছিল সেইয়া হল দেশৰ ফাকে খণ্ডৰ কাষতে বসবাস কৰা লোক। ইয়াৰে প্ৰধান আকৰ্ষন সমূহ হৈছে নামফাকে গাঁৱৰ পৰা সূৰ্য্যঅস্ত দৰ্শন, বুঢ়িদিহিং নৈত নাৌকা চালন, ১৯৩৭চনত নিৰ্মিত পগোড়া, বৌদ্ধধৰ্মীয় মঠ, প্ৰতিকি স্বৰূপ অশোক স্তম্ভ, নং মুংচিৰিংটা (মুচুলিণ্ডা টেংক), পৰম্পৰাগত লাখুতি গৃহ, পৰম্পৰাগত নৃত্য যেনে কাকং(ধোল নৃত্য), কাপন (আদৰণী নৃত্য), কাচং (ছাটি নৃত্য) আৰু কা-ফেফাই (হিৰক নৃত্য)। গাওঁখনত নিশা কটোৱা।

৫ম দিনঃ

প্ৰাতঃআহাৰৰ পাছত মোহনবাৰী বিমান বন্দৰ অভিমূখে যাত্ৰা