মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অসম ইতিহাস

  • অসমৰ ৰেচম বস্ত্ৰই বিশ্বজুৰি এক সুকীয়া স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই ৰাজ্য কেবাবিধো ৰেচমৰ গৰাকী, আৰু ইয়াৰে আটাইতকৈ উজ্জল আৰু মূ্ল্যৱান মূগা, সোনালী ৰেচম, কেৱল অসমতহে উপলব্ধ। মূগাৰ উপৰিও ইয়াত পাট আৰু এৰি পোৱা যায় আৰি ইয়াৰে শেষৰ বিধেৰে বিশেষকৈ গৰম বস্ত্ৰ তৈয়াৰ কৰা হয়।
    ইয়াৰ সোণালী বৰণৰ বাবে ভাৰতৰ বনৰীয়া ৰেচম সমূহৰ ভিতৰত মূগাই আটাইতকৈ চহকী ৰেচম। ইয়াক কেৱল অসমতহে উতপন্ন কৰা হয়। অসমৰ মহিলাই তাঁতত সপোনৰ ৰং তুলে। পূৰ্বতে বয়ন শিল্পৰ জ্ঞান থকাটো কোনো যুৱতীৰ বাবে বিয়াত বহাৰ যোগ্যতা হিচাপে গণ্য কৰা হৈছিল। এই কথাই সম্ভৱত বাখ্যা কৰে ভাৰতৰ ভিতৰত অসমতেই কিয় বয়নশিল্পৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰা হয়। পৃথিৱীৰ এক অনন্য শিল্পজাত পৰম্পৰা হিচাপে খ্যাত এই সুন্দৰ বয়নশিল্পই এৰি, মূগা আৰু পাটৰ বস্ত্ৰতে বাস্তৱ ৰূপ লাভ কৰে।

    উদ্যোগত নিৰ্মিত পাটৰ কাপোৰতকৈ চহকি গাঁঠনি আৰু আৰ্হি, ইয়াৰ স্বকীয়তা, চৰিত্ৰ আৰু অপুৰ্ব সৌন্দৰ্য্যৰ বাবে পৰম্পৰাগত হস্ততাতজাত পাটৰ বস্ত্ৰই বৰ্তমানেও বিশ্ব বজাৰত এক সূকীয়া মৰ্য্যদা বহন কৰে। দুখন হাতে বোঁৱা ৰেচম বস্ত্ৰ কেতিয়াও একে নহয়। শিপিনীৰ ব্যক্তিত্ব, তেঁওৰ বংশগত কৌশল, তেঁওৰ ৰঙৰ প্ৰতি থকা জ্ঞান আৰু ভাৰসাম্যতা এই সকলোবোৰে মিলি এৱশেষত এক অতুলনীয় উত্পাদনৰ সৃষ্টি কৰে।

    বৰ্তমান সময়ত অসমৰ পৰা ভিন্ন প্ৰকাৰৰ ৰেচমজাত বস্ত্ৰ পশ্চিম ইউৰোপলৈ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ, বিশেষকৈ সুকীয়াভৱে প্ৰস্তুত কৰি উলিওৱা বস্ত্ৰ হিচাপে ৰপ্তানি কৰা হয়। ব্যুটিক আৰু ফেচন হাউচ, দিজাইনাৰ আৰু গৃহ সজ্জাকাৰী সকলে নিজ নিজ পচন্দৰ আৰ্হি, বয়ন আৰু ৰঙ অনুসৰি কাপোৰ বৱলৈ দিয়াৰ সুবিধায়ো লাভ কৰে। ই এক এনেকুৱা সেৱা যত অন্য প্ৰতিদণ্ডিয়ে একচেতিয়া সামগ্ৰী সমুহৰ নকল কৰিব নোৱাৰাটো সুনিশ্চিত কৰে। অসমত বয়নশিল্প শিল্পীসুলভ সচেতনতাৰে ইমানেই পৰিপূৰ্ণ আৰু গাঢ় ভাবে লোক জীৱনৰ সৈতে সংলগ্ন যে মহাত্মা গান্ধীয়েও খাদি আৰু স্বদেশী আন্দোলন প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সময়ত ভীষনভাৱে অনুপ্ৰাণিত হৈছিল যাৰ বাবে তেঁও কবলৈ বাধ্য হৈছিল যে অসমৰ শিপিনীয়ে বস্ত্ৰত সপোন ৰচিব পাৰে।

    অসমৰ ৰেচম- এৰি, মূগা আৰু পাটৰ দৰেই প্ৰায় সম মূল্যৰ মিৰিজিম সকলৰ কম্বল, তোচক আৰু ভূমি আৱৰণ, কাৰ্বি আংলং আৰু ডিমা-হাচাউ জিলাৰ আলোৱান, দক্ষিণ অসমৰ কাচাৰ জিলাৰ বাঁহ আৰু কপাহেৰে নিৰ্মিত লাচিংফি কম্বল হৈছে আন কিছুমান জনজাতীয় বয়ন শিল্প।

    বড়ো আৰু ৰাভা জনগোষ্ঠীয় মহিলা সকলেৰো তেওঁলোকৰ বিশিষ্ট চিত্ৰপট আৰু ৰঙৰ ক্ষেত্ৰত থকা নৈপুনাতাৰ প্ৰমাণ পোয়া গৈছে।