মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

আমি কি কৰো

  • অসমত পৰ্য্যটনৰ প্ৰচাৰ আৰু বিকাশৰ বাবে নীতি আৰু কাৰ্য্যক্ৰমণিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত অসম চৰাকাৰৰ পৰ্য্যটন বিভাগ হৈছে প্ৰধান প্ৰতিষ্ঠান। এই খণ্ডৰ ভাৰসাম্যতাযুক্ত বিকাশৰ বাবে উক্ত বিভাগে বিভিন্ন ইয়াৰ অংশীদাৰ সকলৰ সৈতে পৰামৰ্শৰ আদান প্ৰদান কৰাৰ লগতে সহযোগিতাও বজাই ৰাখে। 
    ১৯৫৮চনত অসম পৰ্য্টন বিভাগৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰম্ভনিৰে পৰা প্ৰত্যাহ্বানপূৰ্ণ বহু দুৰ বাট অতিক্ৰম কৰাৰ অন্তত ৰাজ্যৰ পৰ্য্যটন বিভাগক আৰ্থ-সামাজিক উন্নয়নৰ ব্যাপক সম্ভাৱনাপূৰ্ণ যন্ত্ৰ হিচাপে আজিৰ বিশ্বই আকোৱালি লৈছে। পৰ্য্যটন উন্নয়নৰ উদ্দেশ্যৰে যিবোৰ প্ৰকল্পৰ বিপৰিতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে সেইবোৰ প্ৰকল্প ৰূপায়নৰ অগ্ৰাগতিৰ বিষয়ে পৰ্য্যটন বিভাগ নিৰিক্ষণ কৰাৰ বাবে দায়বদ্ধ।
    চৰকাৰৰ নীতি সমূহৰ ৰূপায়ন/কাৰ্য্যকৰী কৰাটোৱেই পৰ্য্যটন সঞ্চালকালয়ৰ মূল কাম। সঞ্চালকালয়ে বছৰেকীয়া পৰিকল্পনা, পৰিপ্ৰেক্ষিত পৰিকল্পনা আৰু দৰ্শন পৰিকল্পনা আদিবোৰ প্ৰস্তুত কৰাৰ বাবেও দায়বদ্ধ। অগ্ৰাধিকাৰ ভিত্তিত বাজেটৰ সুবিধা কৰা, ৰাজ্য চৰকাৰৰ আইন আৰু নীতি সমূহ বাস্তবায়ীত কৰাৰ দায়িত্বও পৰ্য্যটন সঞ্চালকালয়ৰ উপৰতেই ন্যস্ত।

    বিভাগৰ দায়িত্ব আৰু কাৰ্য্যাৱলী সমূহ তলত উল্লেখ কৰা হলঃ

    i.) নীতি মূলক বিষয় সমূহঃ

    • উন্নয়নমূলক নীতি
    • মানৱ সম্পদৰ সৃষ্টি
    • প্ৰচাৰ আৰু বজাৰকৰণ
    • উন্নয়নৰ কৌশল

    ii.) পৰিকল্পনা

    iii.) আন বিভাগ, জিলা উপায়ুক্ত সকলৰ সৈতে সমন্বয় ৰক্ষা কৰা

    iv.)আন্তঃগাঠনি আৰু উত্পাদৰ উন্নয়ন

    • ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্যৰ অংশীদাৰিত্ব

    v.) প্ৰকল্প সমূহৰ পৰ্য্যবেক্ষণ আৰু মূল্যাংকণ

    vi.) প্ৰতিস্থাপনৰ বিষয় সমূহ

    vii.) বিষয়া সকলৰ কাম-কাজৰ সামগ্ৰীক পৰ্য্যালোচনা

    viii.) বাজেট, পৰিকল্পনা আৰু সংহত বিত্তীয় বিষয় সমূহ