মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

কলা আৰু শিল্প

  • অসমৰ জনসাধাৰণ প্ৰাচীন কালৰে পৰাই পৰম্পৰাগত ভাবেই শিল্পী আছিল। যদিও অসম ইয়াৰ সুন্দৰ ৰেচম, বাঁহ আৰ বেত জাতীয় সামগ্ৰীৰ বাবে বিখ্যাত ইয়াৰ উপৰিও অসমত আন বহুতো শিল্প তৈয়াৰ কৰা হয়। অসমৰ ভিন্ন ভিন্ন অঞ্চল সমূহ ইয়াৰ ভিন্ন ভিন্ন কলা আৰু হস্তকলাৰ বাবে জনাজাত।

    বেত আৰু বাঁহ

    অসমৰ জনজীৱনৰ পৰা আতৰ কৰিব নোৱাৰা দুবিধ উপাদান বাঁহ আৰু বেত। বাঁহ আৰু বেত অসমত প্ৰচুৰ পৰিমাণে পোৱা যায় বাবেই ৰাজ্যখনৰ প্ৰতেক গৃহতে ইয়াৰ দ্বাৰা নিৰ্মিত সামগ্ৰী প্ৰায়েই ব্যৱহাৰ কৰা হয়। নিত্য নৈমিত্তক জীৱনত এই দুইবিধ সামগ্ৰী অত্যধিক হাৰত ব্যৱহাৰ কৰা দেখা যায়, যেনে ঘৰ বনোৱা, ঘৰুৱা আচ-বাব তৈয়াৰ কৰা, বয়ন শিল্পৰ নানা আঁচ-বাব তৈয়াৰ কৰা আনকি বাদ্য-যন্ত্ৰি অথবা আহিলা তৈয়াৰ কৰাৰ ক্ষেত্ৰতো ইয়াক ভৰপূৰ মাত্ৰাত ব্যৱহাৰ কৰা হয়।

    বাঁহেৰে নিৰ্মিত জাপী হৈছে অসমৰ অন্যতমটো সন্মান তথা গৌৰৱৰ প্ৰতিক স্বৰূপ যি সাধাৰণতে সূৰ্য্যৰ ৰশ্মিৰ পৰা পৰিত্ৰান পাবলৈ ব্যৱহাৰ কৰা হয় আৰু এই জাপী মহান চিনা পৰিব্ৰাজক হিউ-এন-চাঙে অসম ভ্ৰমণ কৰা কালৰে পৰাই ব্যৱহাৰ কৰি থকা হৈছে যি ৰাজ্যৰ অতিথি সকলক আজিও সম্ভাষন জনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।

    ধাতু শিল্প

    অসমীয়া কাৰিগৰ সকলে সাধাৰণতে অত্যাধিক হাৰত ব্যৱহাৰ কৰি অহা ধাতু দুবিধ হৈছে কাঁহ আৰু পিতল। এই কাৰিগৰ সকলে নিৰ্মাণ কৰা পৰম্পৰাগত বাচন-বৰ্তন তথা অভিনব প্ৰকৰণ সমূহ অসমত ঘৰে ঘৰে উপলব্ধ। কোনো বিশেষ অতিথিক তামোল-পান যাচি আদৰণী-সম্ভাষন জনাবলৈ যুগ যুগ ধৰি শৰাই আৰু বঁটা ব্যৱহাৰ কৰি থকা হৈছে।

    গুৱাহাটীৰ সমিপৱৰ্তী দুখন নগৰ, হাজো আৰু সৰ্থেবাৰীৰ সমগ্ৰ জনসাধাৰণেই এই দুবিধ ধাতুৰ সামগ্ৰী নিৰ্মাণৰ সৈতে জড়িত। পৰিবৰ্তিত সময়ৰ সৈতে ফেৰ মাৰিবলৈ এই সকল লোকে বিভিন্ন আধুনিক উপকৰণ নিৰ্মাণ কৰিবলৈ নিজ নিজ আবিস্কাৰি কৌশলো ব্যৱহাৰ কৰি আহিছে।

    সোণ, ৰূপ আৰু তাম্ৰও অসমৰ পৰম্পৰাগত ধাতু শিল্পৰ এক অবিচ্ছেদ্য অংশ আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ে এই ধাতু কেইবিধৰ দ্বাৰা নিৰ্মিত বহু সামগ্ৰী সংগ্ৰহ কৰি ৰাখিছে। অবশ্যে বৰ্তমান সময়ত সোণ কেৱল গহনা নিৰ্মাণ কৰাৰ বাবেহে ব্যৱহাৰ কৰা হয়।

    কাঠ শিল্প

    দেশৰ ভিতৰতে অসম হৈছে অত্যাধিক পৰিমাণে বণাঞ্চলে আৱৰা এক ৰাজ্য আৰু ইয়াত উপলব্ধ ভিন্ন প্ৰকাৰৰ কাঠ আৰু খৰি ইয়াৰ জনসাধাৰণৰ সংস্কৃতি আৰু অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।

    এজন অসমীয়াই হাতেৰে চুই বা অন্ধকাৰতো কাঠ চিনাৰ ক্ষমতা বহন কৰে আৰু এই কাঠেৰে বহু প্ৰকাৰৰ আচ-বাব তথা সামগ্ৰী নিৰ্মাণ কৰিব পাৰে। যেতিয়া আহোম ৰাজ কাৰেং সমূহৰ লগতে ৬০০ বছৰীয়া সত্ৰ তথা বৈষ্ণৱধৰ্মীয় মঠ সমূহতো কাঠত ক্ষোদিত জটিল সজ্জাগত উপকৰণবোৰ ব্যৱহাৰ কৰা হৈছিল এক বিশেষ শ্ৰেণীৰ লোক যি এই সমূহ কাৰ্য্যত নিপূন আছিল, খনিকৰ নামেৰি প্ৰসিদ্ধ হৈ পৰিছিল অতি গৌৰৱৰে এই উপাধি তেঁওলোকৰ পৰৱৰ্তি প্ৰজন্মই ধাৰণ কৰি আহিছে।

    সত্ৰ তথা নামঘৰ (প্ৰাৰ্থনাস্থলী) সমূহত নানা পৌৰাণিক চৰিত্ৰ তথা পক্ষী-জন্তুৰ উপৰিও গুৰু আসন প্ৰতিফলিত কৰিব পৰা বহু কাঠৰ সমাগ্ৰীত থিৰ ভাৱে ভাৱে ক্ষোদিত কৰা হয়।

    আধুনিক খনিকৰ সকলে আকৌ বহুবোৰ বাণিজ্যক উপকৰণ যেনে এশিঙীয়া গড় আৰু কামাখ্যা মন্দিৰৰ ক্ষূদ্ৰাকাৰ তৈয়াৰ কৰিবলৈ লৈছে যি দুবিধ সামগ্ৰী অসমলৈ অহা পৰ্য্যটক সকলে অত্যাধিক সমাদৰ কৰাটো পৰিলক্ষিত হৈছে।

    মূখা

    অসমীয়া সংস্কৃতিৰ আধাৰত জনজাতীয় কলা আৰু লোক উপাদানৰ সৈতে মূখাই অসমীয়া জনসাধাৰণৰ সংস্কৃতিক কাৰ্য্য-কলাপত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। পৰম্পৰাগত লোক নাট্য আৰু ভাঁওনাত বিভিন্ন পদ্ধতি তথা সামগ্ৰী যেনে টেৰাকোটা, তৰুমজ্জা, ধাতু আৰু বাঁহ-কাঠে আদিৰে নিৰ্মিত মূখা ভৰপূৰ মাত্ৰাত ব্যৱহাৰ কৰা হয়।

    সেই একেদৰে জনজাতীয় সমাজতো মূখাৰ ব্যৱহাৰ প্ৰচুৰ আৰু বহল ভিত্তত কৰা দেখা যায়, বশেষকৈ তেওঁলোকৰ বহুৰঙী নৃত্যৰ ক্ষেত্ৰত, যি মূলত তেওঁলোকৰ নিদৰ্শন স্বৰূপ জনজাতীয় লোকগাঁঠা আৰু আখ্যান উপস্থাপন কৰে। এনেদৰেই পৰম্পৰাগত মূখা সমূহ পাচলৈ আধুনিক সময়ত ঘৰৰ সূ-সজ্জিত কোঠাত সজ্জামূলক সামগ্ৰী অথবা বেৰত আৰি থোৱা সামগ্ৰীলৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ ফলত এই সকলো নিৰ্মাণ কৰা লকোসকলৰ বাবে ই এক স্ব-উপাৰ্জনৰ উপায় হৈ পৰিল।

    গহনা

    সোণ ধোৱা আৰু গহনা বনোৱা আছিল অসমৰ দুটা প্ৰাচীন উদ্যোগ। সোণ কলাৰ প্ৰথম উদাহৰণ অৰ্থশাস্ত্ৰতো পোৱা যায়, কিন্তু বহল ভিত্তিত সোণৰ গহনা বনোৱা প্ৰথা আহোম শাসন কালত আৰম্ভ হয়। কামৰূপ, গোৱালপাৰা, বৰপেটা আৰু শিৱসাগৰ চহৰত স্বৰ্ণকাৰ আৰু সোণৰ ব্যৱসায়ী সকলৰ উত্থান ঘটিছিল যদিও যোৰহাট আৰু বাহিৰৰ অঞ্চল সমূহ ইয়াৰ শ্ৰেষ্ঠ মাণৰ কাৰুকাৰ্য্য তথা মিণা কৰণৰ বাবে সোণ আৰু ৰূপ শিল্পৰ স্নায়ু কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল যাক অসমীয়াত মিণাকাৰী বুলি কোৱা হয়।

    ঘন সেউজীয়া, ঘন নিলা আৰু বগা ৰঙৰ মিনাকাৰীৰ চাহিদা সেইসময়ত অধিক আছিল যদিও ৰঙা আৰু হালধীয়া মিনাকাৰী বিশেষ দিনত ব্যৱহাৰ কৰা হৈছিল। পৰম্পৰাগত অসমীয়া গহনা নিৰ্মাণ শিল্প অতি যত্নকৰ কিন্তু ইয়াৰ শেষ উত্পাদ সমুহ হৈছে অত্যন্ত লোভনীয়, ভিন্ন প্ৰকাৰৰ গহনা। কণ্ঠহাৰ সমূহৰ নাম হলগৈ জোনবিৰি, ধোলবিৰি আৰু দুগদুগি যত লোকাপাৰো, থুৰিয়া আৰু সোঁত কেৰু হৈছে জনপ্ৰিয় কাণ ফূলিৰ প্ৰকাৰ। আঙুঠিবোৰৰো নাম হলগৈ পাতিয়া আঙুঠি আৰু বাবৰি ফুলিয়া আঙুঠি যত আকৌ খাৰুৱে পালে গাম খাৰু, বাজু আৰু কংগন।

    টেৰাকোটা

    দুই প্ৰকাৰৰ লোক- কুমাৰ আৰু হিৰায়ে নিজ নিজ শৈলীৰ মাটিৰ বাচন তৈয়াৰ কৰে। কিন্তু যোনে খোলনি ক্ষোদিত কৰে তেঁওলোক হল ধুবুৰী জিলাৰ আচাৰিকান্দিৰ টেৰাকোটা শিল্পী। ইয়াৰ সূকীয়া শৈলীৰ বাবে ভাৰতত আচাৰিকান্দিক দেশীয় কলাৰ এক মাৰ্কালৈ ৰূপান্তৰিত কৰিছে। আচাৰিকান্দি ইয়াৰ চলা পিথ শিল্পৰ বাবেও জনাজাত যি কোমল প্ৰকাৰৰ এক বিশেষ ইষিকাৰৰ ভিতৰ ভাগৰ দ্বাৰা নিৰ্মাণ কৰা হয়। এক মাধ্যম হিচাপে টেৰাকোটাই স্মৰণাতিত কালৰে পৰাই অসমৰ হস্তশিল্প কলাৰ উপৰত আধিপত্য বিস্তাৰ কৰি আহিছে। এই পৰম্পৰা এটা প্ৰজন্মই আনটো প্ৰজন্মক অবিৰাম ভাৱে হস্তান্তৰ কৰি আহিছে। বৰ্তমান সময়ত ইয়াৰ বংশধৰ পৰিয়াল সমূহ আধুনিক ভাৱে বিকশিত টেৰাকোটা সংস্কৰণ যেনে পৌৰাণিক চৰিত্ৰ, দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণৰ সৈতে জড়িত, যি ক্ষেত্ৰত পুতলা, পাত্ৰ আদিবোৰেও নতুন জীৱন লাভ কৰে।

    পৰম্পৰাগত চিত্ৰাংকণ

    অসমত কেইবা শতিকা পূৰ্বেই চিত্ৰাংকণ পৰম্পৰা থকাৰ প্ৰমাণ পোৱা গৈছে। আহোম ৰাজকাৰেং, সত্ৰ আৰু নামঘৰ আদিবোৰত বুৰঞ্জীমূলক আৰু পৌৰাণিক বিভিন্ন আখ্যান তথা ঘটনা সমূহ উজ্জল ৰঙেৰে অংকিত কৰি উপচাই পেলোৱাটো বৰ্তমানেও পৰিলক্ষিত হয়। আনকি চিত্ৰা-ভাগৱতত থকা চিত্ৰ বা আৰ্হি সমূহ পাছলৈ অসমীয়া চিত্ৰকাৰ সকলৰ বাবে পৰম্পৰাগত আৰ্হিলৈ ৰূপান্তৰিত হয় আৰু এই ধাৰা আজিও অব্যাহত আছে।