মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

অসমৰ সত্ৰ সমূহ

মাজুলী হৈছে পৃথিৱীৰ ভিতৰতেই জনৱসতি থকা আটাইতকৈ ডাঙৰ নদিদ্বীপ যত ভৰি আছে অসংখ্য সত্ৰ- বৈষ্ণৱ ধৰ্মীয় উপাসনাস্থলী যি ১৬শতিকাৰ পৰাই বৰ্তি আছে। অসমীয়া সংস্কৃতিৰ পিতৃস্বৰূপ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট এই সত্ৰসমূহ হৈছে বৈষ্ণৱধৰ্মীয় বৈশিষ্টৰ এক অনবদ্য অনুষ্ঠান। সত্ৰ সমূহ কেৱল উপাসনাৰ স্থলেই নহয়, ই পৰম্পৰাগত কলা প্ৰদৰ্শনৰো এক কেন্দ্ৰ স্বৰূপ।

১৫শতিকাত মাজুলিত প্ৰথমখন সত্ৰ স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা তাত নীতি শিক্ষাৰ লগতে সামাজিক তথা সাংস্কৃতিক আদৰ্শৰ প্ৰচাৰৰ বাবে ৬৫খন সত্ৰৰ সৃষ্টি হৈছে। কিন্তু মাজুলীত বৰ্তমান ২২খন সত্ৰহে আছে। বাকী সত্ৰ সমূহে বান আৰু গৰাখহনীয়াই চলোৱা তাণ্ডবৰ বাবে আন আন সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত হৈছে।

সত্ৰসমূহত মনিকুটৰ ফালে মূখ কৰি এটা সভাগৃহ তথা প্ৰাৰ্থনা স্থলী থাকে আৰু ইয়াৰ চাৰিওফালে ভকত সকলৰ বাবে থাকে সমূহীয়া শোৱনি কোঠা কোঠা, স্নানাগাৰ ইত্যাদি।

সত্ৰসমূহে অতিথি তথা দৰ্শনাৰ্থী সকলৰ বাবে থকা-শুৱা ব্যৱস্থাৰ লগতে তেঁওলোকে নাম-প্ৰসংগ তথা বিষ্ণু আৰু কৃষ্ঞ উপাসনাত ভাগ লোৱাৰ উপৰিও ভাওনা আদি উপভোগ কৰাৰো সুবিধা প্ৰদান কৰে। ইয়াৰ অবিবাহিত কেৱলিয়া ভকত সকল হৈছে একোজন একোজন উত্তম শিল্পী যি নানা ৰকমৰ মূখা, ধৰ্মীয় বাদ্য-যন্ত্ৰ, হাত-বিচনী আৰু দুৱাৰৰ আকৃতি তৈয়াৰ কৰে। এই সমূহ সত্ৰৰ ভিতৰত দৰ্শন কৰিবলগীয়া কেইখনমা গুৰুত্বপূৰ্ণ সত্ৰ হৈছে আউনি আটী, কমলাবাৰী, দক্ষিণপাত, গঢ়মূৰ, চামাগুৰি, বেঙেনা-আটি আৰু নতুন কমলাবাৰী সত্ৰ।

আউনি-আটী সত্ৰ

নিৰঞ্জন পাঠকদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰ ইয়াৰ পালনাম আৰু অপেস্বৰী নৃত্যৰ বাবে বিখ্যাত। ইয়াৰ প্ৰাচীন কলাকৃতিৰ বিচিত্ৰ ভাণ্ডাৰ, পূৰণিকলিয়া অসমীয়া বাচন-বৰ্তন, গহনা আৰু হস্তশিল্পৰ বাবেও এই সত্ৰ খ্যাত।

দক্ষিণপাত সত্ৰ

বণমালীদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰ হৈছে ৰাসলীলাৰ প্ৰতিপাদক যি ৰাসলীলা বৰ্তমান সময়ত অসমত এক প্ৰধান উত্সব হিচাপে উদযাপন কৰা হয়। ৰাসৰ সময়ত বহু হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে এই সত্ৰত বছৰি ভিৰ কৰেহি।

গঢ়মূৰ সত্ৰ

লক্ষ্মিকান্ত দেৱে প্ৰতিষ্ঠা কৰিছিল এই সত্ৰ। শৰত্ কালৰ শেষৰ ফালে ইয়াত পৰম্পৰাগত ৰাসলীলা অতি উলহ-মালহেৰে পালন কৰা হয়। যুদ্ধত ব্যৱহাৰ কৰা কিছু প্ৰাচীন অস্ত্ৰ যেনে বৰতোপ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে।

কমলাবাৰী সত্ৰ

এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল বেৰুলাপদ্ম আটাই আৰু ই হৈছে কলা, সংস্কৃতি, সাহিত্য আৰু শাস্ত্ৰীয় অধ্যয়নৰ কেন্দ্ৰ। নদিদ্বীপটোৰ আটাইতকৈ শ্ৰেষ্ঠতম নাঁও ইয়াতে নিৰ্মাণ কৰা হয়। ইয়াৰ শাখা উত্তৰ কমলাবাৰীয়ে সমগ্ৰ ভাৰতৰ লগতে বিদেশতো সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিছে।

বেঙেনা আটি সত্ৰ

এই সত্ৰ হৈছে সংস্কৃতিক গুৰুত্ব থকা আপুৰুগীয়া সম্পদ সংৰক্ষণৰ লগতে কলা প্ৰদৰ্শনৰ উন্নত পৰ্য্যায়ৰ কেন্দ্ৰ স্বৰূপ। শ্ৰীমন্ত শংকৰদেৱৰ সতিয়া মাকৰ নাতি মূৰাৰীদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আহোম ৰজা গদাধৰ সিংহৰ ৰাজকীয়া বস্ত্ৰও ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে। সংৰক্ষিত কৰি ৰখা ৰাজকীয় সোণৰ ছাটিও প্ৰদৰ্শিত অবস্থাত আছে এই সত্ৰত।

চামগুৰি সত্ৰ

এই সত্ৰ ইয়াৰ বিশ্ববিখ্যাত মূখা শিল্পৰ বাবে খ্যাত।

মাজুলী ভ্ৰমণৰ আটাইতকৈ উত্তম সময় হৈছে নৱেম্বৰ মাহৰ ৰাস মহোত্সৱৰ সময়ত। আউনি আটী সত্ৰ ইয়াৰ খ্যাত ইয়াৰ পালনাম আৰু অপেস্বৰী নৃত্যৰ বাবে যত আছে প্ৰাচীন কলাকৃতিৰ বিচিত্ৰ ভাণ্ডাৰ, পূৰণিকলীয়া বাচন-বৰ্তন, গহনা আৰু হস্তশিল্প। দক্ষিণপাত সত্ৰ যত ৰাসলীলাৰা বাবে বিখ্যাত চামাগুৰি সত্ৰও ইয়াৰ মূখাশিল্প নিৰ্মাণৰ বাবে খ্যাত। আনহাতে গঢ়মূৰ সত্ৰত সংৰক্ষিত হৈ আছে মধ্যযুগীয়া অস্ত্ৰ-সস্ত্ৰ যেনে বৰতোপ। কমলাবাৰী সত্ৰ খ্যাত শ্ৰেষ্ঠ নাঁও নিৰ্মাণৰ বাবে আৰু বেঙেনা আটী সত্ৰ আকৌ জনাজাত ইয়াৰ কলা প্ৰদৰ্শনৰ উত্তম কেন্দ্ৰ হিচাপে। বেঙেনা আটি সত্ৰত আকৌ সংৰক্ষিত কৰি ৰখা হৈছে ৰাজকীয় সোণৰ ছাটিৰ লগতে স্বৰ্গদেও গদাধৰ সিংহৰ সোণ সচিত ৰাজবস্ত্ৰও। বিভিন্ন শিল্পকলা শিকোৱাৰ উপৰিও মাজুলীত মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা গীত-মাত-নৃত্য যেনে, বৰগীত, ভটিমা, ঝুমুৰা, চালি, পালনাম, নৌৱা, অপেস্বৰী, সত্ৰীয়া, কৃষ্ঞ ইত্যাদি শিকোৱাৰ লগতে প্ৰচাৰ কৰা হয় যি নদীদ্বীপটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰে।