মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

দুঃ সাহসিক যাত্ৰা

এক দুষ্কৰ ভুখণ্ডই অসমক বহিৰাগত আক্ৰমণকাৰীৰ পৰা অতিতত সুৰক্ষা প্ৰদান কৰিছিল। বৰ্তমান সময়ত ই অসমক এক অতুলনীয় পৰ্য্যটন ভূমিলৈ ৰূপান্তৰিত কৰিছে। ১৯৬০ৰ শেষৰ ফালৰ পৰা, দুঃ সাহসিক যাত্ৰা প্ৰেমী আৰু আবিষ্কাৰক সকলে পৰ্বতাৰোহী, শিলাৰোহী, গোহা আবিষ্কাৰক, ট্ৰেকাৰ, হেং-গ্লাইদাৰ, আৰু ৰাফ্টাৰ সৃষ্টি কৰিবৰ বাবে বহু কাৰ্য্যক্ৰমণীকা তৈয়াৰ কৰিছিল। ট্ৰেকিংৰ বাবে ৰাজ্যৰ আটাইতকৈ ওখ ঠাই হেম্পিউপিট হৈছে আটাইতকৈ উত্কৃষ্ট স্থান। গুৱাহাটীতো কেবাটাও ৰোমাঞ্চক ট্ৰেকিং পথ আৰু পৰ্বতাৰোহনৰ স্থান আছে। অসমৰ নদী, জান আৰু পাহাৰুৱা সোঁতৰ সংমিশ্ৰনে ৰাজ্যখনক স্বচ্ছজলীয় ৰাফটিং, কেনঅইং, কায়াকিং আৰু আন আন জলক্ৰীড়াৰ বাবে আদৰ্শ স্থানলৈ প্ৰবৰ্তিত কৰিছে।

ভাৰতবৰ্ষৰ আটইতকৈ ঘন জংঘল হিচাপে বিবেচিত উত্তৰ-পূবৰ বনাঞ্চলৰ মাজেৰে ট্ৰেকিং নকৰিলে দুঃ সাহসিক যাত্ৰা সম্পূৰ্ণ আধৰুৱা হৈ ৰব। কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখুৱা অভয়াৰণ্য খোজ কাঢ়ি ভ্ৰমণ কৰাটো এক অবিস্মৰণীয় অভিজ্ঞতা। কাৰ্য্যক্ৰমণিকাৰ তালিকাত মেঘালয়ৰ ৰহস্যময়ী ষ্টেলাকটাইট আৰু ষ্টেলাগমাইট গোহা ভ্ৰমণো সংযোগ কৰিব পাৰি। এ.টি.ডি.চি. লিমিটেডে ১৯৬৮বৰ্ষৰ পুৰণিকলিয়াঅসম পৰ্বতাৰোহী সন্থাৰ দৰে সংগঠনৰ জৰিয়তেবিদেশগামী ভ্ৰমণৰ সুবিধাও প্ৰদান কৰে।

পৰ্বতাৰোহনঃ কাৰ্বি আংলং জিলাৰ সিংহাশন পৰ্বতৰ লগতে ডিমা-হাচাও জিলাৰ সমীপবৰ্তী পৰ্বত-পাহাৰ সমূহ পৰ্বতাৰোহন আৰু শিলাৰোহনৰ বাবে উত্কৃষ্ট স্থান। গুৱাহাটীৰ পৰা প্ৰায় ৫০কিলোমিটাৰ পূবে অৱস্থিত হাটিশীলাটো (মৰিগাঁও)শিলাৰোহনৰ যথেষ্ঠ সম্ভাৱনা আছে। গুৱাহাটীতো বহু শিলাৰোহনৰ স্থান আছে যেনে অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰতে জাপৰিগোগত অৱস্থিত ৮০ফুট উচ্চতাৰ ৰুহিনী ভুঞা স্মাৰক শিলাক্ষেত্ৰ, কামাখ্যা মন্দিৰৰ ওপৰৰ ভূৱনেশ্বৰী আৰু দিৰ্গেশ্বৰী (উত্তৰ গুৱাহাটী)।

ট্ৰেকিং: অসম ৰাজ্যিক চিৰিয়াখনাতো এক ট্ৰেকিং বাট আছে যদিওআটিকৈ জনপ্ৰিয় পথটো হল বশিষ্ঠ মন্দিৰৰ পৰা মেঘালয়ৰ সমিপৱৰ্তী পাহাৰৰ মাজেৰে গৰভাঙা সংৰক্ষিত বনাঞ্চললৈ যোৱা ১৭কিলোমিটাৰ ৰ্দৈঘ্যৰ ট্ৰেকিং পথ। ইয়াতকৈও অধিক স্থিতিস্থাপকতাৰ বাবে, ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে মেঘালয়ৰ বৰাপানীলৈ ৮০কিলোমিটাৰ ৰ্দৈঘ্যৰ পথ ট্ৰেকিং কৰিব পাৰি। আটাইতকৈ সুবিধাজনক ট্ৰেকিং পথটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কুকুৰাকাটা পৰ্বতলৈ যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ এক সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি। এই পথ ৪.৫ বৰ্গ কিলোমিটাৰ অঞ্চলৰ ভিতৰত।

ঘোঁৰা-আৰোহন যাত্ৰাঃ ব্যক্তিগত পৰিচালক যেনে পূৰ্বী ডিচকাভাৰিয়ে চাহ বাগানৰ মাজেৰে বা পূব অসমৰ জিলা ডিব্ৰুগড় আৰু তিনিচুকীয়াত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ৰোমাঞ্চক বালি চেকুৰাৰ দৰে কাৰ্য্যক্ৰমণিকাৰ আয়োজন কৰে। কোনোৱে ইচ্ছা কৰিলে এই অঞ্চল সমূহৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰেও চেকুৰা যাত্ৰাৰ সুবিধা লব পাৰে।

পৰ্বতীয়া মটৰ চাইকেল আৰোহনঃ পাহাৰুৱা ভুখণ্ডই পৰ্বতীয়া মটৰ চাইকেল আৰোহী সকলক ৰোমাঞ্চক প্ৰত্যাহ্বান আগবঢ়াই। অসম পৰ্য্যটন বিভাগে এ.টি.ডি.চি. লিমিটেড আৰু আন আন দুঃ সাহসিক সংগঠনৰ সহযোগত ৰাজ্যৰ ভিতৰে-বাহিৰেবিভিন্ন বাইচাইকেল আৰু মটৰ চাইকেল যাত্ৰা আয়োজন কৰে। বিদেশী ব্যক্তি আৰু দল সমূহে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে।

মটৰ চাইকেল যাত্ৰাঃ মটৰ চাইকেল যাত্ৰাৰ জৰিয়তে অসম আৰু ইয়াৰ সমিপৱৰ্তী উত্তৰ-পূবৰ ৰাজ্য সমুহ আবিষ্কাৰ কৰা যি আৰোহী সকলক প্ৰায়ে প্ৰাচীন গাঁৱৰ সংৰচনা আৰু জনজাতীয় সম্প্ৰদায়ৰ গাওঁ সমূহলৈ লৈ যায়। এই যাত্ৰাৰ মূল অংশ হৈছে পথ, পাহাৰ, ভৈয়ামৰ মাজেৰে যাত্ৰা কৰা।

পেৰাচেইলিং: এ.টি.ডি.চি. লিমিটেডে উত্তৰ গুৱাহাটীৰ দলিবাৰীত পেৰচেইলিংৰ সুবিধা প্ৰদান কৰে। গুৱাহাটীৰ বালিচাপৰি (বাৰ্ষিক ব্ৰহ্মপুত্ৰ উত্সৱৰ সময়ত) আৰু পূব অসমৰ ডিব্ৰু-চৈখুৱা ৰাষ্ট্ৰীয় উদ্যান হৈছে পেৰাচেইলিংৰ বাবে উত্কৃষ্ট স্থান। ব্যক্তিগত যাত্ৰা পৰিচালক সংগঠন সমূহে ডিব্ৰু-চৈখুৱাত এই পেৰাচেইলিংৰ আয়োজন কৰে।

নাওঁখেল প্ৰতিযোগিতাঃ কেৰেলাৰ স্নেকবোট নাঁওখেল প্ৰতিযোগিতাৰ লেখিয়াকৈ গুৱাহাটী, হাজো, শুৱালকুছি আৰু বৰপেটাতোপৰম্পৰাগত গতি উত্সৱ উদযাপন কৰা হয়। কায়াকিং আৰু কেনঅইংৰ বাবেউদ্যমী সকলে মৰিগাৱৰ চৰণ বিললৈ যাব পাৰে, গুৱাহাটীৰ পৰা মাত্ৰ এক ঘণ্টাৰ দুৰত্বত অৱস্থিত। অসম নাও প্ৰতিযোগিতা আৰু ৰইং সন্থাই, পৰ্য্যটন বিভাগৰ সৈতে মিলিওবাৰ্ষিক বসন্তকালিন ব্ৰহ্মপুত্ৰ বালি উত্সৱৰ সময়ত নাঁওখেল প্ৰতিযোগীতাৰ আয়োজন কৰে।

নদি ৰাফটিং: ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অশান্ত উপনৈ সমূহ যেনে মানস, কপিলী ইত্যাদিয়ে দুঃসাহসিক ক্ৰীড়াবিদ সকলক ইয়াৰ দ্ৰুতগতি আৰু জলন্ত সোঁতৰ জৰিয়তে প্ৰত্যাহ্বান প্ৰদান কৰে। কিন্তু ব্ৰহ্মপুত্ৰৰ আন এখন উপনৈ, জিয়া ভৰলীতহে বেছিভাগ ৰাফটিংৰ আয়োজন কৰা হয়।

বৰশী বোৱাঃ জিয়া ভৰলী, কপিলী আৰু মানস হৈছে বৰশী বোৱাৰ বাবে উত্কৃষ্ট স্থান। জিয়া ভৰলী নৈ হৈছে হিমালয়ান নৈৰ বাঘ হিচাপে খ্যাত হিংস্ৰ ক্ৰীড়া মত্স্য, মহাশোলৰ জনবসতিস্থল। অসম ভৰালী বৰশী বোৱা সন্থাই নামেৰিত বছৰি নিয়মীয়াকৈ জিয়া ভৰলী নৈত নবেম্বৰ বা ডিচেম্বৰ মাহত বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন কৰে যত ৰাজ্যৰ বাহিৰৰ লগতে বিদেশী প্ৰতিযোগী সকলেও অংশগ্ৰহণ কৰে।

কেম্পিং: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে অৱস্থিত প্ৰাকৃতিক শিবিৰ হৈছে উত্সুক পৰ্য্যটক সকলৰ বাবে এক উত্কৃষ্ট দুৱাৰমূখ। বাৰ্দিং, ট্ৰেকিং আৰু বৰশীবোৱাৰ উপৰিও ইয়াতস্থানীয় খাদ্য-সম্ভাৰ আগবঢ়োৱা হয়। প্ৰাকৃতিক শিবিৰ সমূহত টেণ্টৰ উপৰিও ৰাফ্টিং আৰু বৰশী বোৱাৰ সকলো সা-সজুলি উপলব্ধ হয়। ওচৰতে ব্যক্তিগত ৰিজৰ্টো আছে, যি বুনিয়াদি স-সুবিধা উপলব্ধ টেণ্ট, কুটিৰ আৰু সমুহীয়া শয়নকক্ষ আদিয়ো প্ৰদান কৰে। বৰশী বোৱা সকল আৰু ৰাফ্টিং উদ্যমী সকলৰ বাবে যি প্ৰায়ে নামেৰী ভ্ৰমণ কৰে তেওঁলোকৰ বাবে পক্ষী দৰ্শন এক বোনাচ স্বৰূপ।

এনেকুয়াই শিবিৰ ব্যক্তিগত আয়োজকে তিনিচুকীয়াৰ ডিব্ৰু-চৈখুৱাত অনুষ্ঠিত কৰে যিপৰম্পৰাগত পৰিবেশেৰে পৰিবেষ্টিত।

গৈ কেনেকৈ পাবঃ নামেৰীৰ সমীপতে থকা বিমান বন্দৰ হৈছে তেজপুৰ, ৩৫ কিলোমিটাৰ নিলগত যৰ পৰা আপুনি বাঁহন ভাৰা কৰিব পাৰিব (ই গুৱাহাটীৰ পৰাও উপলব্ধ, ২১৫কিলোমীটাৰ দক্ষিণ-পশ্চিমত)। ডিব্ৰু-চৈখুৱাৰ বাবে ওচৰৰ বিমান বন্দৰটো হৈছে ডিব্ৰুগড় নগৰৰ সমীপতে থকা মোহনবাৰী বিমান বন্দৰ, ৪০কিলোমিটাৰ নিলগত যত ৰাষ্ট্ৰীয় উদ্যান খনৰ আটাইতকৈ কম দুৰত্বত থকা প্ৰধান ৰেল ষ্টেচন হৈছে তিনিচুকীয়া ৰেল ষ্টেচন যাৰ দুৰত্ব মাত্ৰ ১৫কিলোমিটাৰ।

কত থাকিবঃ নামেৰীৰ প্ৰাকৃতিক শিবীৰ আৰু নদীৰ পাৰত থকা ব্যক্তিগত ৰিজৰ্ট, যত ২৫কিলোমিটাৰ নিলগত ভালুকপুঙত এ.টি.ডি.চি. লিমিটেডৰ নিজা পৰ্য্যটন লজো আছে। ডিব্ৰু-চৈখুৱাৰ বাবে ইয়াৰ বাহিৰত এটা ফৰেষ্ট বাংল (গুইজান) আৰু ৰিজৰ্টো (পদুমনি) আছে।