মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
আবৰ্তন অনুসৰি

আবৰ্তন ৩

গন্তব্যস্থানঃযোৰহাট-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-মাজুলী-শিৱসাগৰ-যোৰহাট

পেকেজঃ ৪নিশা/পাচ দিন
পেকেজৰ অন্তৰ্গতঃ

» দুজন লোক একেলগে শোৱাৰ ভিত্তিত ব্যৱস্থা

» সকলো স্থানান্তৰ, আহাৰ (বি)

» পৰ্যটনক্ষেত্ৰ প্ৰদৰ্শন

» হস্তী চাফাৰী/জীপ চাফাৰী

» ব্ৰহ্মপুত্ৰ নৈত নৌকা বিহাৰ

» পৰ্য্যটক পথ প্ৰদৰ্শকৰ সংগত

১ম দিনঃ যোৰহাট-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

যোৰহাট বিমান বন্দৰত আদৰণি আৰু পোনে পেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অভিমূখে যাত্ৰা। নিশা কটোৱা ঠাইত প্ৰৱেশ কৰাৰ পাছত সুবিধা অনুসৰি উদ্যানৰ পূব মণ্ডলত জীপ চাফাৰী কৰিব পাৰে। নিশা কাজিৰঙাতে কটোৱা।

২য় দিনঃ কাজিৰঙা-মাজুলী

পুৱতি নিশাই উঠি হস্তী চাফাৰী সম্পূৰ্ণ কৰি তাৰ পাছত প্ৰাতঃআহাৰ গ্ৰহণ কৰাৰ পাছত মাজুলী অভিমূখে যাত্ৰা (১৩৫কিলোমিটাৰ ২ঘণ্টাৰ যাত্ৰা, ডেৰ ঘণ্টাৰ জাহাজেৰে যাত্ৰা) বাঁহনেৰে মাজুলীলৈ যাত্ৰা। পথত জাহাজেৰ মহাবাহু ব্ৰহ্মপুত্ৰ নৈ পাৰ কৰা। ইয়াৰ পাছতে পৰম্পৰাগত পদ্ধতিৰে নিৰ্মিত কুটিৰত প্ৰৱেশ। আবেলি সংস্কৃতিৰ উত্পত্তি স্থলী সত্ৰ দৰ্শন, অসমত বৈষ্ণৱ আৰু জনজাতীয় গাঁও সমূহ দৰ্শন কৰা। গধূলি নদীৰ বালি চাপৰিত সূৰ্য্য অস্ত চাবলৈ উপস্থিত হোৱা। নিশাৰ আহাৰ গ্ৰহণ আৰু ইক-ৰিজৰ্টত নিশা কটোৱা।

৩য় দিনঃ মাজুলী-শিৱসাগৰ

নদীদ্বিপটোত ২১খন সত্ৰ আছে- ইয়াৰে বহুকেইখন সত্ৰই নৃত্য, গীত-মাত, নাট্য, কলা আৰু শিল্প শিক্ষা প্ৰদানৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত সক্ৰীয় হৈ আছে। কোনোৱে বিচাৰিলে ৰাতিপুৱা নাঁও ভাৰা কৰি নদীভ্ৰমণ, পক্ষী দৰ্শন কৰিব পাৰে; আৰু লগতে পথাৰ আৰু গৃহ ভ্ৰমণ কৰি জনজাতীয় কৃষি শৈলী আৰু বস্ত্ৰ বয়ন শিল্প স্বচক্ষে প্ৰত্যক্ষ্ কৰিব পাৰে। অসমৰ ভিতৰতে বৈষ্ণৱ সংস্কৃতিৰ অভিষিক্ত গৌৰৱ হিচাপে মাজুলীৰ উত্থান ঘটিছে। দুপৰীয়াৰ আহাৰৰ পাছতে জাহাজেৰে আহি নিমাতি ঘাটতত উপস্থিত হৈ শিৱসাগৰ অভিমূখে যাত্ৰা। নিশা শিৱসাগৰত কটোৱ।

Swipe to view
Swipe to view

৪ৰ্থ দিনঃ শিৱসাগৰ

প্ৰাতঃআহাৰ গ্ৰহণৰ পাছত ৰংঘৰ (ৰংগমঞ্চ), তলাতল ঘৰ (ৰজাৰ ৰাজমহল), কাৰেংঘৰ (ৰজাৰ ৰাজমহল), বৰপুখুৰী (মানৱ নিৰ্মিত জলাশয়) আৰু শিৱ দৌল (উত্তৰ-পূৱৰ আটাইতকৈ উখ শিৱ মন্দিৰ) দৰ্শন। বৌদ্ধধৰ্মীয় লোকৰ মঠ পৰিভ্ৰমণ; এইয়া প্ৰধানকৈ টাই খামইয়াং লোকৰ বসতি স্থল চলা পথাৰ। স্থানীয় লোকৰ সৈতে বাৰ্তালাপ আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছতে গল্ফ ৰিজৰ্ট, চাংচোৱা/গটোংগা অভিমূখে যাত্ৰা যত কোনোৱা ইচ্ছা কৰিলে এক ৰাউণ্ড গল্ফ খেলিব পাৰে। নিশা কটোৱা।

৫ম দিনঃ যোৰহাট

প্ৰাতঃআহাৰৰ পাছতে পৰবৰ্তী যাত্ৰাৰ বাবে যোৰহাটৰ বিমান বন্দৰ অভিমূখে যাত্ৰা কৰা।