মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

অধিক
গন্তব্যস্থান
ইচ্ছা অনুসাৰে

চাহ আৰু গল্ফ

ব্ৰিটন ৰবাৰ্ট ব্ৰুচে ১৮২৩চনতে চাহ আবিষ্কাৰ কৰা বুলি দাবী কৰা দিন ধৰি অসম চাহৰ সৈতে সমাৰ্থক হৈ পৰিছে, যদিও অসম আৰু অৰুণাচলত সিঁচৰিত হৈ থকা চিংফু জনজাতীয় লোক সকলে অতীতৰে পৰা চাহৰ খেতি কৰি অহাৰ লগতে ইয়াক ঔষধি উদ্দীপনাত্মক হিচাপেও ইয়াক পান কৰি আহিছে।

৩,০০,০০০হেক্টৰ ভুমিত বিস্তিৰ্ণ হৈ থকা ৮০০ প্ৰধান আৰু ৬০,০০০ ক্ষুদ্ৰ চাহ বাগিচাৰ সৈতে অসম বিশ্বৰ ভিতৰতে সৰ্বাধিক ঘনত্বৰ চাহ খেতি কৰা অঞ্চল যত ৰাজ্যখনৰ মুঠ শ্ৰমিকৰ ১৭শতাংশই ইয়াৰ সৈতে জড়িত। ভাৰতৰ ৫৫শতাংশ চাহ অসমত উত্পাদিত হোৱাৰ লগতে দেশৰ ৮০শতাংশ চাহ ৰপ্তানিও অসমৰ পৰাই হয়।

১৮২৯চনত গ্ৰেট ব্ৰিটেইনৰ বাহিৰত গল্ফ খেল পথাৰ থকা ভাৰতেই হৈছে প্ৰথমখন দেশ।দেশখনে বহু সংখ্যক বিশ্বমানৰ সেউজ প্ৰদান কৰে যি হিমালয়ৰ উচ্চতাত, মৰুভূমিত, চহৰ অঞ্চলৰ সেনানিবাসত বনাঞ্চল আৰু বিলসমূহৰ জৰিয়তে প্ৰদান কৰে। অসমৰ “টি টিজ”- চাহ বাগানস্থিত গল্ফ খেলপথাৰ হৈছে ইয়াৰ এক স্বকীয় মাণদণ্ডৰ। ইয়াত প্ৰায় ২০ প্ৰাকৃতিক টি টিজ যত সকলোতে প্ৰায় নটাকৈ গাঁত আছে। পৰস্পৰে পৰস্পৰৰ ২০০কিলোমিটাৰ দুৰত্বৰ ভিতৰত এই গল্ফ খেল পথাৰবোৰ তৈয়াৰ কৰা হৈছিল আৰু জৰুৰীভাৱেই ই আছিল ব্ৰিটিছ চাহ উত্পাদক সকলৰ জীৱনশৈলীৰ মাণ উন্নয়নৰ বাবে ৰাজকীয় জাক জমকতাৰ সম্প্ৰসাৰণৰ বাবে।বৰ্তমান এই সকলোবোৰক অৱসৰ বিনোদন স্থলীৰ পেকেজ হিচাপে আগবঢ়াই আহিছে আৰু এইদৰেই তেঁওলোকে এই চাহ বাগানবোৰক সহায় কৰি আছে।

কাপ্পা চিয়েৰ

১৮৮৩চনত এক ব্ৰিটিছ জুৰিয়ে চাহ খেতিৰ পদ্ধতি শিকি ইয়াক অসমক ৰূপায়ন কৰাৰ উদ্দেশ্যৰে জৰ্জ গৰ্ডনক চীন দেশলৈ পঠিয়াই।চীনৰ চাহ পুলিৰ নমুনা আৰু শ্ৰমিকৰ সৈতে গৰ্ডন উভতি আহে যিহেতু সৈই সময়ত স্থানীয় প্ৰজাতিবিধ সেই পৰিস্থিতিত বাণিজ্যকৰণৰ বাবে উপযুক্ত নাছিল। স্থানীয় আৰু চীন দেশৰ প্ৰজাতিৰ বৰ্ণসংকৰ ঘটাইহে নিখুঁত ভাৰতীয় চাহ সৃষ্টি কৰা হৈছিল, এই চাহ চিঙিছিল ১৫০বছৰ পূৰ্বেইমধ্যভাৰতৰ পৰা বৃটিছ সকলে লৈ অনা প্ৰায় ৮৭ সম্প্ৰদায়ৰ লোকৰ সমাহাৰত সৃষ্টি হোৱা চাহ জনগোষ্ঠীয়ে।

চাহ খেতিৰ বিজ্ঞানসন্মত কৃষি পদ্ধতি উদ্ভাৱনৰ বাবে, সাৰ ব্যৱহাৰৰ উদ্দেশ্যৰে, ভূমি পৰীক্ষা, কৃষিস্থান নিৰ্নয় আৰু চাহ পাত প্ৰক্ৰীয়াকৰণআদিৰ উন্নয়নৰ বাবে ১৯১১চনত যোৰহাটৰ টোকলাইত বিশ্বৰ সবাতোকৈ বৃহত্ আৰু আটাইটকৈ পুৰণি চাহ গৱেষনা কেন্দ্ৰটো স্থাপন কৰা হৈছিল। ব্ৰেণ্ড আসাম সকলোতে বৈশিষ্ট্যপূৰ্ণ কলা চাহ হৈ পৰে। ৰাজ্যখনে কিছুপৰিমাণে জৈৱিক আওপুৰণি চাহো উত্পাদন কৰে যাক ২০০৭বৰ্ষত জি.আই. মৰ্য্যদা প্ৰদান কৰা হয়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উত্পাদিত চাহৰ উন্নত বজাৰকৰণৰ বাবে ১৯৭০চনত গুৱাহাটীত এক চাহ নিলাম কেন্দ্ৰ –গুৱাহাটী চাহ নিলাম কেন্দ্ৰ- প্ৰতিষ্ঠা কৰা হয়। এই চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বৃহত্ পৰিমাণৰ চাহ বিক্ৰী কৰা হয়। ভাৰতৰ চাহ পৰিষদে প্ৰদান কৰা এক বিশেষ প্ৰতিক চিহ্নই অসমৰ চাহক আন্তৰাষ্ট্ৰীয় বজাৰত সূকীয়া পৰিচয় প্ৰদান কৰে। অসমত গড়ে প্ৰায় ৫৫০নিযুত কিলোগ্ৰাম চাহ উত্পাদন কৰা হয়। ভাৰতৰ প্ৰায় ৮৫শংতাশ লোকক অসমৰ চাহে প্ৰতিদিনে সতেজ আৰু উজ্জিবিত কৰি তুলে।

চাহ-টি

চাহ বাগানত নিশা পাৰ কৰা, গল্ফ খেলা আৰু চাহঁ বাগানৰ মাজে মাজে বাঁহন চলোৱা এক অবিস্মৰণীয় স্মৃতি। এই সুন্দৰ ৰাজ্যখনৰ আছে পূৰণা বিশ্ব বাংলোৰ সৈতে সেউজীয়া মনোমোহা ৰসাল চাহ বাগান যত প্ৰায় সকলোতে আছে একোখনকৈ গল্ফ খেল পথাৰ। গল্ফ খেলাৰ পৰবৰ্তী সময়ৰ বাবে থকা চিৰায়তি সংঘগৃহবোৰৰ উপৰিও ইয়াত পৰ্য্যটক সকলৰ বাবে চাৰ্টাৰ্ড প্লেনৰে অহা-যোৱা কৰাৰ সুবিধাও আছে। যোৰহাটৰ এখন চাহ বাগানৰ মাজতে নিৰ্মাণ কৰা কাজিৰঙা গল্ফ ৰিজৰ্টখন সম্পূৰ্ণ হৈ উঠাৰ আগলৈ পূব অসমৰ ডিগবৈ চহৰত ডিগবৈ তেল শোধনাগাৰত অৱস্থিত ১৮ গাতযুক্ত ডিগবৈ গল্ফ খেলপথাৰতহে বৃত্তিগত গল্ফ খেলুৱৈ সকলে খেলিছিল।

ভাৰতৰ এজন আগশাৰীৰ গল্ফ খেলপথাৰ স্থপতিবিদে আৰ্হি প্ৰস্তুত কৰা এই গল্ফ খেল পথাৰত আছে প্ৰত্যাহ্বান ভৰা ১৮টা গাত, পাৰ-১৭ গল্ফ খেল পথাৰ হৈছে এনেকুৱা প্ৰথম খন খেল পথাৰ। ঐতিহ্যমণ্ডিত বুঢ়া চাহিবৰ বাংলো হৈছে এক ক্লাৱ হাউচ। এই ৰিজৰ্টত বৃত্তিগত গল্ফ প্ৰশিক্ষণ প্ৰদানৰ বাবে গল্ফৰ আচ-বাবৰ এখন দোকানৰ সৈতে গল্ফ একাডেমী এটাও পৰিচালনা কৰে।

দ্যা পোট্টেইং গ্ৰীণ

ক্ৰমিক নংগোল্ফ কোৰ্চজিলানিকটৱৰ্তী বিমান বন্দৰ/বায়ু ষ্ট্ৰিপ
বিষ্ণুথ জিমখানা ক্লাৱশোণিতপুৰশালনিবাৰী(তেজপুৰ)/বৰঝাৰ(গুৱাহাটী)
বৰশলাশোণিতপুৰশালনিবাৰী(তেজপুৰ)/বৰঝাৰ(গুৱাহাটী)
পূব বৰৈ ক্লাৱশোণিতপুৰশালনিবাৰী(তেজপুৰ)/বৰঝাৰ(গুৱাহাটী)
মঙ্গলদৈ পল আৰু গল্ফ ক্লাৱদৰংশালনিবাৰী(তেজপুৰ)
ঠাকুৰবাৰী ক্লাৱশোণিতপুৰশালনিবাৰী(তেজপুৰ)
উত্তৰ লক্ষীমপুৰ প্লেণ্টাৰ ক্লাৱলক্ষীমপুৰলীলাবাৰী(লক্ষীমপুৰ)
মিছা প্লেণ্টাৰ ক্লাৱনগাওঁবৰঝাৰ(গুৱাহাটী)
যোৰহাট জিমখানা ক্লাৱযোৰহাটৰৰৈয়া(যোৰহাট)
চেলেঙ্গ জিলা ক্লাৱশিৱসাগৰৰৰৈয়া(যোৰহাট)
১০সোণাৰী জিমখানা ক্লাৱশিৱসাগৰৰৰৈয়া(যোৰহাট)
১১টিঙ্গৰী গল্ফ ক্লাৱতিনিচুকীয়ামোহনবাৰী(ডিব্ৰুগড়)
১২চামদাংগ গল্ফ ক্লাৱতিনিচুকীয়ামোহনবাৰী(ডিব্ৰুগড়)
১৩কাঞ্জিকোৱা গল্ফ ক্লাৱতিনিচুকীয়াডুমডুমা/পানীতলা(ডিব্ৰুগড়)
১৪ডিব্ৰুগড় জিলা প্লেণ্টাৰ ক্লাৱডিব্ৰুগড়মোহনবাৰী/চাবুৱা(ডিব্ৰুগড়)
১৫মাৰ্ঘেৰিটা গল্ফ ক্লাৱডিব্ৰুগড়মোহনবাৰী(ডিব্ৰুগড়)
১৬নাহৰকটীয়া গল্ফ ক্লাৱডিব্ৰুগড়মোহনবাৰী(ডিব্ৰুগড়)
১৭মৰাণ গল্ফ ক্লাৱডিব্ৰুগড়ৰৰৈয়া(যোৰহাট)/মাৰাণ
১৮জলনি গল্ফ ক্লাৱডিব্ৰুগড়মোহনবাৰী(ডিব্ৰুগড়)
১৯ধুনচেৰী পল ক্লাৱগোলাঘাটৰৰৈয়া(যোৰহাট)/বিহৰা চাহ বাগান
২০নাৰেঙ্গী গল্ফ ক্লাৱকামৰূপবৰঝাৰ(গুৱাহাটী)
২১ডিগবৈ গল্ফ ক্লাৱতিনিচুকীয়াচাবুৱা(ডিব্ৰুগড়)