মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

এজন যাত্ৰা পৰিচালক হিচাপে নিজকে অসম পৰ্য্যটন বিভাগৰ অধীনত পঞ্জীয়ন কৰা

তালিকাঃ

  • সকলো যাত্ৰা পৰিচালকৰ বাবে অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক হব আৰু ব্যৱসায়ৰ বছৰেকীয়া আয় যিমানেই নহওক অসমত অনুজ্ঞাপত্ৰ অবিহনে কোনোৱে যাত্ৰা পৰিচালনা কৰিব নোৱাৰিব।
  • অনুজ্ঞাপত্ৰ থকা প্ৰতিগৰাকীৰে সম্পূৰ্ণ সা-সুবিধা যুক্ত সঠিক কাৰ্য্যালয় থকাটো বাঞ্চনীয় যত পৰ্য্যাপ্ত সংখ্যক কৰ্মচাৰী থাকিব লাগিব, যাতে গ্ৰাহকৰ প্ৰয়োজন সমূহ পূৰণ কৰিব পৰা যায়।
  • পৰ্য্যটক সকলৰ নাম আৰু ঠিকনাৰ লগতে তেঁওলোকৰ যাত্ৰা সম্বন্ধে সকলো তথ্য উল্লেখ থকা নিয়মীয়া অভিলেখ বজায় ৰখাটোও অনুজ্ঞাপত্ৰ থকা যাত্ৰা পৰিচালক সমূহৰ দায়িত্ব।
  • কাৰ্য্যালয়ৰ নুন্যতম পৰিসীমা ২০০বৰ্গ ফুট হোৱাট বাঞ্চনীয়।
  • ভাৰত চৰকাৰৰ পৰ্য্যটন মন্ত্ৰনালয়ে ইতিমধ্যেই অনুমোদন জনোৱা যাত্ৰা পৰিচালক সকলক সেই অনুমোদনৰ ভিত্তিতে অসম চৰকাৰৰ পৰ্য্যটন বিভাগেও অনুজ্ঞাপত্ৰ প্ৰদান কৰে।

অৱলোকন

এজন যাত্ৰা পৰিচালকে সাধাৰণতে যাত্ৰা আৰু ভ্ৰমণৰ উপাদান সমূহ একলগ কৰি বন্ধৰ দিন কটাবৰ বাবে পেকেজ তৈয়াৰ কৰে। তেঁওলোকে আগবঢ়োৱা নিজ নিজ ভ্ৰমণ পেকেজ তথা সুবিধা সমূহৰ লগতে যাত্ৰাসূচী আদি সমূহৰ প্ৰচাৰৰ বাবে ইস্তাহাৰ তৈয়াৰ কৰাৰ লগতে বিজ্ঞাপনো প্ৰকাশ কৰে। অসমত সকলো স্থানতে বহু সংখ্যক মৰ্য্যদাসম্পন্ন আৰু অভিজ্ঞ যাত্ৰা পৰিচালক আছে যি সকলো ধৰণৰ বাজেটে ধুকি পোৱা যাত্ৰাসূচী সামৰি লয়। সকলো যাত্ৰা পৰিচালকৰ বাবে অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক হব আৰু ব্যৱসায়ৰ বছৰেকীয়া আয় যিমানেই নহওক অসমত অনুজ্ঞাপত্ৰ অবিহনে কোনোৱে যাত্ৰা পৰিচালনা কৰিব নোৱাৰিব।

যোগ্যতাৰ মাপকাঠী

  1. আবেদন কৰাৰ কমেও এবছৰ পূৰ্বৰে পৰাই যাত্ৰা পৰিচালক সকলে এই ব্যৱসায়ৰ সৈতে জড়িত থকাটো বাঞ্চনীয়।
  2. কাৰ্য্যলয়ৰ নুন্যতম পৰিসীমা ২০০বৰ্গ ফুট হব লাগিব। তাৰোপৰি কাৰ্য্যালয় সমূহ স্বচ্ছ আৰু নিকা পৰিবেশত থকাটো বাঞ্চনীয় আৰু তেলিফোন, ফেক্স, কম্পিউটাৰ/কম্পিউটাৰ সংৰক্ষণৰ ব্যৱস্থা আদি থকাটো বাধ্যতামূলক। ইয়াত পৰ্য্যাপ্ত পৰিসীমাৰ অভ্যৰ্থনা কক্ষ আৰু শৌচাগাৰলৈ সহজ প্ৰৱেশৰ ব্যৱস্থা থাকিব লাগিব।
  3. আৱেদনকাৰী সকলৰ এক স্থায়ী একাউণ্ট সংখ্যা(PAN) আৰু লগতে সেৱা কৰ সংখ্যা থাকিব লাগিব।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশাৱলী

ভিতৰত সংলগ্ন কৰি দিয়া অসম পৰ্য্যটনৰ নিৰ্দেশাৱলী অনুসৰীঃ ইয়াত ক্লিক কৰক।

মাচুল

অনুজ্ঞাপত্ৰৰ মাচুল হিচাপে ২,০০০/- টকাৰ ড্ৰাফ্ট জমা কৰিব লাগিব।

Documents Required

  1. স্থায়ী একাউণ্ট সংখ্যা
  2. সেৱা কৰ সংখ্যা
  3. সুচী ১ত নিৰ্ধাৰিত প্ৰ-পত্ৰ

গুৰুত্বপূৰ্ণ সময়শাৰী

  • অনুজ্ঞাপত্ৰ সমূহ তিনি বছৰৰ বাবে প্ৰদান কৰা হয় আৰু ইয়াৰ পাছত আবেদনৰ জৰিয়তে এইবোৰ নৱীকৰণ কৰিব লাগিব।
  • আবেদন কৰাৰ কমেও এবছৰ পূৰ্বৰে পৰাই যাত্ৰা পৰিচালক সকলে এই ব্যৱসায়ৰ সৈতে জড়িত থকাটো বাঞ্চনীয়।

কেনেকৈ অৱেদন কৰিব

অনুজ্ঞাপত্ৰৰ বাবে আবেদন সমূহ পৰ্য্যটন সঞ্চালক, অসম, ষ্টেচন পথ, পানবজাৰ, গুৱাহাটী-০১, অসমৰ ঠিকনাত প্ৰেৰণ কৰিব লাগিব। আবেদন প্ৰ-পত্ৰ সূচী ১ত দিয়া আছে। পৰ্য্যটন সঞ্চালক, অসম, ষ্টেচন পথ, পানবজাৰ, গুৱাহাটী-০১ক উদ্দেশ্য কৰি অনুজ্ঞাপত্ৰৰ মাচুল হিচাপে ২,০০০/- টকাৰ ড্ৰাফ্টৰ (ঘুৰাই নোপোৱা) আবেদন প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰি দিব লাগিব।

সেৱাৰ প্ৰকাৰ

অফলাইনঃ হয়

পূৰণ কৰিবলগীয় প্ৰ-পত্ৰ

সূচী ১আবেদন প্ৰ-পত্ৰডাউনলোড

কাক যোগাযোগ কৰিব

পৰ্য্যটন সঞ্চালকালয়, অসম চৰকাৰ ষ্টেচন পথ, গুৱাহাটী ৭৮১০০১

অসম

ফোনঃ +৯১-৩৬১-২৫৪৭১০২/২৫৪২৭৪৮

ফেক্সঃ +৯১-৩৬১-২৫৪৭১০২

ইমেইল: directortourism1@gmail.com