মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ পৰ্যটন সঞ্চালকালয়

ভ্ৰমণ পেকেজ

গৌৰৱময় বুৰঞ্জীমূলক অতীত আৰু ঐতিহ্য

ডিব্ৰুগড়-শিৱসাগৰ-যোৰহাট-মাজুলী-কাজিৰঙা-গুৱাহাটী

ইচ্ছুকসকলে বিশেষকৈ ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদলৰ লগতে ৬০০বছৰীয়া আহোম শাসন কালৰ আন বহুতো ঐতিহাসিক কৃতিচিহ্ন সমূহৰ লগতে মাজুলীত বৈষ্ণৱ সংস্কৃতি দৰ্শন কৰিব পাৰিব।

পেকেজ সংকেতঃ ০০৯

ম্যাদঃ ৭দিন আৰু ৭ৰাতি

বিখ্যাতঃ

পৰিয়াল

বনাঞ্চল ভ্ৰমণৰ বাবে

পেকেজ অৱলোকন

ইচ্ছুকসকলে বিশেষকৈ ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদলৰ লগতে ৬০০বছৰীয়া আহোম শাসন কালৰ আন বহুতো ঐতিহাসিক কৃতিচিহ্ন সমূহৰ লগতে মাজুলীত বৈষ্ণৱ সংস্কৃতি দৰ্শন কৰিব পাৰিব।

১ম দিনঃ ডিব্ৰুগড়

ডিব্ৰুগড় বিমান বন্দৰত আগমণ, হোটেলৰ কোঠালৈ স্থানান্তৰ, গধূলি বিশ্ৰাম আৰু নিশাটো কটোৱা।

২য় দিন

ৰাতিপূৱাই বাৰেকুৰি গাঁও ভ্ৰমণ আৰু হলক গিৱন প্ৰত্যক্ষ্ কৰা আৰু তাৰ পাছতেই অতিথি শালালৈ প্ৰস্থান আৰু বিশ্ৰাম কৰা। সূৰ্য্য অস্তৰ সময়তে ডিব্ৰু নৈত শিহু চাবলৈ এক ক্ষন্তেকীয়া ভ্ৰমণ কৰা আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৱিস্কাৰ কৰা। নিশা ডিব্ৰুগড়ত নিশা কটোৱা।

৩য় দিনঃ ডিব্ৰুগড়-শিৱসাগৰ(৮০কিলোমিটাৰ)-যোৰহাট (৫৫কিলোমিটাৰ)

প্ৰাতঃআহাৰৰ পাছতে শিৱসাগৰলৈ প্ৰস্থান কৰা। শিৱসাগৰ হৈছে চহকী আৰু প্ৰচীন সাংস্কৃতিক ঐতিহ্যৰে ভৰা নগৰ। কোনোৱে এতিয়াও আহোম ৰাজত্বকালৰ স্থানসমূহ, মন্দিৰ আৰু ভগ্নাৱশেষৰ পূৰাতাত্বিক অংশ সমূহ পৰিলক্ষিত কৰিব পাৰে, যিবোৰ বৰ্তমান ৰাষ্ট্ৰীয় কৃতিচিহ্ন হিচাপে সংৰক্ষিত কৰি ৰখা হৈছে। শিৱসাগৰত ৰংঘৰ(প্ৰাচীনতম ৰংগমঞ্চ), তলাতল ঘৰ, কাৰেংঘৰ দৰ্শনৰ পাছত নিশা কটাবৰ বাবে যোৰহাটলৈ প্ৰস্থান।

৪ৰ্থ দিনঃ যোৰহাট-মাজুলী (১৪কিলোমিটাৰ)-কাজিৰঙা (৮৩কিলোমিটাৰ)

প্ৰতঃআহাৰৰ পাছতে মাজুলীৰ(বিশ্বৰ সৰ্ববৃহত জনবসতিপূৰ্ণ নদীদ্বিপ) বাবে জাহাজ ধৰিবলৈ নিমাতি ঘাটলৈ প্ৰস্থান যি ইয়াৰ চহকী অসমীয়া সংস্কৃতিক সম্পদৰ বাবে জনাজাত। আমী অসমীয়া সংস্কৃতিৰ বিষয়ে জানিবলৈ কমলাবাৰী সত্ৰ, আউনী আটি সত্ৰ দৰ্শন কৰিম। নিশা পৰ্য্যটন নিবাসত নিশা কটোৱা।

৫ম দিনঃ কাজিৰঙা

ৰাতিপূৱাই সোণকালে কাজিৰকঙাৰ অভিমূখে যাত্ৰা ইয়াৰ মধ্য মণ্ডলত এক সুন্দৰ হস্তী চাফাৰী কৰি ওচৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখন আবিষ্কাৰ কৰাৰ উদ্দেশ্যৰে, ইয়াৰ জৰিয়তে বিশ্ব বিখ্যাত এশিঙীয়া গড় দেখাতো স্বাভাৱীক, আৰু চাফাৰীৰ পাছতে প্ৰাতঃআহাৰৰ আৰু বিশ্ৰামৰ বাবে ৰিজৰ্টলৈ স্থানান্তৰ। আবেলী পশ্চিম মণ্ডলত এক চিৰস্মৰণীয় জীপ চাফাৰীৰ বাবে গমন। এই মণ্ডল ইয়াৰ প্ৰাণীকুল আৰু উদ্ভিদকুলৰ বাবে জনাজাত। নিশা কাজিৰঙাত কটোৱা।

৬ষ্ঠ দিনঃ কাজিৰঙা-গুৱাহাটী

প্ৰাতঃআহাৰৰ পাছতে গুৱাহাটীলৈ স্থানান্তৰ, উত্তৰ-পূৱৰ বাণিজ্য নগৰি হিচাপে জনাজাত, তাৰোপৰি গুৱাহাটী মঠ-মন্দিৰৰ নগৰি হিচাপেও বিখ্যাত কিয়নো ইয়াতে আছে মাঁ কামাখ্যা মন্দিৰ, বালাজী মন্দিৰ, উমানন্দ দ্বিপ মন্দিৰ ইত্যাদি। ৰিজৰ্টত আহি উপস্থিত হোৱাৰ পাছতে আবেলী চৰকাৰী এম্পোৰিয়াম, বালাজী মন্দিৰ বা ব্ৰহ্মপুত্ৰৰ বুকুত ঐচ্ছিক নৌকা নিশাৰ আহাৰ গ্ৰহণৰ সুবিধা উপলব্ধ। নিশা ৰিজৰ্টত কটোৱা।

৭ম দিনঃ গুৱাহাটী

ৰাতিপূৱা প্ৰাতঃ আহাৰৰ পাছতে হোটেলৰ পৰা উলোৱাৰ পাছত বিমান বন্দৰত স্থানান্তৰ আৰু যাত্ৰা সমাপ্ত।

আলোকচিত্ৰ বিঠিকা

আলোকচিত্ৰৰ বাবে শ্ৰেষ্ঠ পাহাৰ আৰু উপত্যকাৰে ভৰা স্বৰ্গভূমি

গুৱাহাটী-ভালুকপুং-দিৰাং-টাৱাং-বমদিলা-তেজপুৰ

সংস্কৃতি নগৰিৰ তেজপুৰৰ লগতে আলোকচিত্ৰৰ বাবে শ্ৰেষ্ঠ পাহাৰ আৰু উপত্যকাৰে ভৰা স্বৰ্গভূমিৰ যাত্ৰা।

পেকেজ সংকেতঃ ০০৮

সময়ঃ ৮দিন আৰু ৭ৰাতি।

কিহৰ বাবে বিখ্যাতঃ

দূঃসাহসীক ক্ৰীড়া

চিটি ব্ৰেক

পৰিয়াল

পেকেজ অৱলোকন

সংস্কৃতি নগৰিৰ তেজপুৰৰ লগতে আলোকচিত্ৰৰ বাবে শ্ৰেষ্ঠ পাহাৰ আৰু উপত্যকাৰে ভৰা স্বৰ্গভূমিৰ যাত্ৰা।

যাত্ৰাসূচী

১ম দিনঃ গুৱাহাটী-ভালুকপূং(২৫০কিলোমিটাৰ/৩-৪ ঘণ্টা যাত্ৰা)

গুৱাহাটীত আগমনৰ পাছত ভালুকমূখ অভিমূখে যাত্ৰা। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জলাত অৱস্থিত ভালুকপূং এখন সৰু নগৰ। তাৰ পাছতে আজৰি পৰত এই সৰু সুন্দৰ অঞ্চলটো আবিষ্কাৰ কৰা। ভালুকপূং/নামেৰিত নিশা কটোৱা।

২য় দিনঃ নামেৰি ৰাষ্ট্ৰীয় উদ্যান

প্ৰাতঃকালতে নামেৰি অভিমূখে যাত্ৰা আৰু তাতেই নিশা কটোৱা।

৩য় দিনঃ ভালুকপুং-দিৰাং (১৮৫কিলোমিটাৰ/৭ঘণ্টাৰ যাত্ৰা)

প্ৰাতঃআহাৰৰ পাছতে দিৰাং আভিমূখে যাত্ৰা, অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীৰ বসতিস্থল। পথতে টিপ্পি অৰ্কিড কেন্দ্ৰ আৰু চেচা অৰকিড অভয়াৰণ্য দৰ্শন। পৰিভ্ৰমণ কৰিবলগীয়া আনবোৰ স্থান হৈছে ইয়াৰ হট স্প্ৰীং, যুদ্ধৰ শ্বহীদ স্মাৰক, নিম্ন বৌদ্ধধৰ্মীয় মঠ। নিশা দিৰাঙত কটোৱা।

৪ৰ্থ দিনঃ দিৰাং-টাৱাং(১৫৫কিলোমিটাৰ/৬ৰ পৰা ৭ঘণ্টাৰ যাত্ৰা)

প্ৰাতঃ আহাৰৰ পাছতে টাৱাং অভিমূখে যাত্ৰা। যাত্ৰা পথত চেলা পাচত চেলা হ্ৰদ(১৩৭৪৬ফুট উচ্চতা), যচৱন্তগড়- চেলা পাচৰ পৰা ১৬কিলোমিটাৰ নিলগত অৱস্থিত এজন বীৰ ভাৰতীয় সেনাৰ শ্বহীদ ভূমি, যিজন সেনাই ১৯৬২চনৰ চিনা আক্ৰমণৰ সময়ত সেই অঞ্চলত অকলেই আগুৱাই আহি থকা চিনা সেনাক বাধা দিয়াৰ চেষ্টা কৰিছিল। বিয়লি টাৱাং আৱিস্কাৰ। নিশা টাৱাংতে কটোৱা।

৫ম দিনঃ টাৱাং পৰিভ্ৰমণ

প্ৰাতঃ আহাৰৰ পাছতে টাৱাংৰ পৰ্য্যটন স্থলী সমূহ দৰ্শন যত থাকিব মাধুৰী হ্ৰদ, উন্ন গোম্পা( মহিলা সকলৰ বৌদ্ধধৰ্মীয় মঠ), টাৱাং মঠ আৰু তাৰ পাছতে চীনা সিমান্তৰ সমিপৱৰ্তী পাংকাং তেং চু লৈ যাত্ৰা। গধূলি উভতি আহি হোটেলত জিৰণী লোৱা।

৬ষ্ঠ দিনঃ টাৱাং-বমদিলা (১৮১ কিলোমিটাৰ/৭ঘণ্টাৰ যাত্ৰা)

প্ৰাতঃআহাৰৰ পাছতে ৮৫০০ফুট উচ্চতাত থকা বমদিলা অভিমূখে যাত্ৰা। ইয়াৰ পৰাই কোনো লোকে মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু বৰফে ধকা হিমালয়ৰ পৰ্বতমালা প্ৰতক্ষ কৰিব পাৰে। যাত্ৰা পথত জাং নিজৰাৰ লগতে উজনি আৰু নামনি মঠো দৰ্শন কৰিব পাৰে। আবেলি বমদিলাতে জিৰণী লোৱা আৰু নিশা কটোৱা।

৭ম দিনঃ বমদিলা-তেজপুৰ(প্ৰায় ৮০ কিলোমিটাৰ)

প্ৰাতঃআহাৰৰ পাছতে শিল্প কেন্দ্ৰ দৰ্শন যি ৯বজাত খোলা হয় আৰু যত পোৱা যায় ৰঙীন সুন্দৰ দ্ৰেগন আৰ্হিৰ দলিচা, বৌদ্ধ ধৰ্মীয় টংকা(বেৰত আৰী থোৱা) আৰু মূখা। তাৰ পাছতে তেজপুৰলৈ যাত্ৰা আৰু নিশা কটোৱা।

 

৮ম দিন

পৰৱৰ্তী যাত্ৰাৰ বাবে লিলাবাৰী বিমান বন্দৰ অভিমূখে যাত্ৰা আৰু যাত্ৰা সমাপ্ত।

পূণ্যধাম যাত্ৰা

গুৱাহাটী-মাঁ কামাখ্যা মন্দিৰ-ব্ৰহ্মপুত্ৰ নৌকা বিহাৰ-শুৱালকুছি-হাজো-গুৱাহাটী

অসমৰ মানচেষ্টাৰ হিচাপে আখ্যা দিয়া শুৱালকুছি দেশীয় আৰু বাণিজ্যক বস্ত্ৰ বিশেষকৈ পাট আৰু মূগা বস্ত্ৰ উত্পানৰ এক প্ৰধান কেন্দ্ৰ যতে। হাজো হৈছে বুৰঞ্জীমূলক গুৰুত্ব থকা এক প্ৰাচীন স্থান যত সমন্বয়ৰ জীৱন্ত উদাহৰণ দেখিবলৈ পোৱা যায়। হাজো হৈছে বিশ্বৰ তিনিটা প্ৰধান ধৰ্মৰ সমন্বয় ভূমি আৰু এই সমূহ ধৰ্ম হৈছে- হিন্দু ধৰ্ম, ইছলাম আৰু বৌদ্ধ ধৰ্ম।

পেকেজ সংকেতঃ ০০৬

সময়ঃ ২দিন আৰু ২ৰাতি

কিহৰ বাবে বিখ্যাতঃ

পৰিয়াল

তীৰ্থযাত্ৰা

পেকেজ অৱলোকন

অসমৰ মানচেষ্টাৰ হিচাপে আখ্যা দিয়া শুৱালকুছি দেশীয় আৰু বাণিজ্যক বস্ত্ৰ বিশেষকৈ পাট আৰু মূগা বস্ত্ৰ উত্পানৰ এক প্ৰধান কেন্দ্ৰ যতে। হাজো হৈছে বুৰঞ্জীমূলক গুৰুত্ব থকা এক প্ৰাচীন স্থান যত সমন্বয়ৰ জীৱন্ত উদাহৰণ দেখিবলৈ পোৱা যায়। হাজো হৈছে বিশ্বৰ তিনিটা প্ৰধান ধৰ্মৰ সমন্বয় ভূমি আৰু এই সমূহ ধৰ্ম হৈছে- হিন্দু ধৰ্ম, ইছলাম আৰু বৌদ্ধ ধৰ্ম।

যাত্ৰাসূচী

১ম দিন

গুৱাহাটীৰ এল.জি.বি. বিমান বন্দৰত উপস্থিত হোৱা আৰু তাৰ পৰাই হোটেল প্ৰৱেশৰ কাৰণে যাত্ৰা কৰোতে পথতে কামাখ্যা মন্দিৰ দৰ্শন কৰা। গধূলি আজৰি পৰত ব্ৰহ্মপুত্ৰৰ বুকুত এঘণ্টীয়া আমোদজনক নৌকা বিহাৰ উপভোগ কৰা।

২য় দিন

ৰাতিপুৱাই প্ৰাতঃআহাৰা গ্ৰহণ কৰাৰ পাছতে পূৱ ভাৰতৰ মানচেষ্টাৰ হিচাপে খ্যাত শুৱালকুছি গাঁও ভ্ৰমণ কৰা আৰু ইয়াৰ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে যি সকলে কেচা ৰেচমৰ পৰা শেষ উত্পাদন হিচাপে সুন্দৰ সুন্দৰ মূল্যৱান বস্ত্ৰ তৈয়াৰ কৰে। ইয়াৰ পাছতে হাজো(পূণ্যধামৰ কেন্দ্ৰ স্বৰূপ) হয়গ্ৰীব মাধৱ মন্দিৰ, কেদাৰেশ্বৰ মন্দিৰ আৰু পোৱা মক্কা দৰ্শন। দুপৰীয়া হোটেললৈ উভতি অহা। বিয়লি বালাজী মন্দিৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ভ্ৰমণ। নিশা গুৱাহাটীতে কটোৱা। যাত্ৰা সমাপ্ত।

আলোকচিত্ৰ বিঠিকা

  

বশীকৰণ ক্ষমতাপন্ন বনাঞ্চল যাত্ৰা

গুৱাহাটী-মানস ৰাষ্ট্ৰীয় উদ্যান-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-গুৱাহাটী

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে এক ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু কাজিৰক্ষা ৰাষ্ট্ৰীয় উদ্যানো বিশ্বৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত।

পেকেজ সংকেতঃ ০০৫

সময়ঃ ৪দিন আৰু ৪ৰাতি

কিহৰ বাবে বিখ্যাতঃ

মধুচন্দ্ৰিকা

জংঘল চাফাৰীৰ বাবে

পেকেজ অৱলোকন

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে এক ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বিশ্বৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত।

১ম দিন

গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে পোনেপোনে মানস ৰাষ্ট্ৰীয় উদ্যান অভিমূখে যাত্ৰা যি কাজিৰঙা আৰু জালাপাৰাৰ মাজতে অৱস্থিত গুৱাহাটীৰ পৰা প্ৰায় ১৭৬কিলোমিটাৰ নিলগত। নিশা নিবাসতে কটোৱা।

২য় দিন

ৰাতিপূৱাই হস্তী চাফাৰী বা জীপ চাফাৰীৰ জৰিয়তে মানস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ। তাৰ পাছতে নিবাসলৈ উভতনি। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে বিয়লি জীপ চাফাৰী কৰা আৰু নিশা মানসতে কটোৱা।

৩য় দিন

প্ৰাতঃ আহাৰৰ পাছতে কাজিৰঙা অভিমূখে যাত্ৰা আৰু তাতেই নিশা কটোৱা। পাছদিনা ৰাতিপূৱাই হাতীৰ পিঠিত উঠি জংঘল আবিষ্কাৰ কৰা। তাৰ পাছত নিবাসলৈ উভতনি। কোনোৱে আবেলী জীপ চাফাৰী বা নৌকা ভ্ৰমণৰ জৰিয়তে উদ্যানখন ভ্ৰমণ কৰিব পাৰে আৰু ব্ৰহ্মপুত্ৰ নদীত শিহু আৰু পক্ষী দৰ্শন কৰিব পাৰে। নিশা কটোৱা।

আলোকচিত্ৰ বিঠিকা

সপ্তাহঅন্ত পেকেজ

গুৱাহাটী-শ্বিলং-চেৰাপুঞ্জী-পবিতৰা বণ্যপ্ৰাণী অভয়াৰণ্য-গুৱাহাটী

শান্তি আৰু সৌন্দৰ্য্যৰ লগতে আদিম প্ৰাকৃতিক সৌন্দৰ্য্যই এক উতকৃষ্ট পৰ্য্যটন স্থলীলৈ ৰূপান্তৰিত কৰা অসম আৰু মেঘালয় ৰাজ্য ভ্ৰমণ কৰা।

পেকেজ সংকেতঃ ০০৪

সময়ঃ ৪দিন আৰু ৪ৰাতি

কিহৰ বাবে বিখ্যাত :

পৰিয়াল

মধুচন্দ্ৰিকা

জংঘল চাফাৰী

পেকেজ অৱলোকন

শান্তি আৰু সৌন্দৰ্য্যৰ লগতে আদিম প্ৰাকৃতিক সৌন্দৰ্য্যই এক উতকৃষ্ট পৰ্য্যটন স্থলীলৈ ৰূপান্তৰিত কৰা অসম আৰু মেঘালয় ৰাজ্য ভ্ৰমণ কৰা।

যাত্ৰাসূচী

১ম দিন

গুৱাহাটীৰ এল.জি.বি. বিমান বন্দৰত উপস্থিত হোৱা আৰু তাৰ পৰাই হোটেল প্ৰৱেশৰ কাৰণে যাত্ৰা কৰোতে পথতে কামাখ্যা মন্দিৰ দৰ্শন কৰা। গধূলি আজৰি পৰত ব্ৰহ্মপুত্ৰৰ বুকুত এঘণ্টীয়া আমোদজনক নৌকা বিহাৰ উপভোগ কৰা।

২য় দিন

প্ৰাতঃআহাৰৰ পাছতে শ্বিলং অভিমূখে যাত্ৰা কৰা আৰু পথতে বৰাপানীৰ উমিয়াম হ্ৰদ, দন বস্ক সংগ্ৰহালয়, ওৱাৰ্ড হ্ৰদ, লেদি হাইদাৰী উদ্যান, গল্ফ খেলপথাৰ আদিবোৰ ভ্ৰমণ কৰা। গধূলি আজৰি পৰত স্থানীয় বজাৰ ভ্ৰমণ কৰা।

৩য় দিন

চহৰা নামেৰেও খ্যাত চেৰাপুঞ্জী অভিমূখে যাত্ৰা (৬৫কিলোমিটাৰ শ্বিলংৰ পৰা)। চেৰাপুঞ্জীত দেশৰ ভিতৰতে অধিক বৃষ্টিপাত হয়। ইয়াত দৰ্শন কৰিবলগীয়া স্থান সমূহ হৈছে মৌচুমী গোহা, নহকালিকায় নিজৰা ইত্যাদি। শ্বিলংলৈ উভতনি আৰু লগতে স্মিথ গাঁও, শ্বিলং পিক, এলিফেণ্ট নিজৰা, কেথলিক চাৰ্চ আদিবোৰ দৰ্শন। নিশা শ্বিলংতে কটোৱা।

৪ৰ্থ দিন

ৰাতিপূৱাই প্ৰাতঃআহাৰৰ পাচতে ৰোমঞ্চক হস্তী চাফাৰীৰ বাবে পবিতৰা অভিমূখে যাত্ৰা। আবেলী গুৱাহাটীলৈ উভতনি। গুৱাহাটীৰ স্থানীয় বজাৰ ভ্ৰমণ। নিশাতে মহানগৰীতে কটোৱা। যাত্ৰা সমাপ্ত।

আলোকচিত্ৰ বিঠিকা

চমকপ্ৰদ গন্তব্যস্থান

গুৱাহাটী-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-শ্বিলং-গুৱাহাটী

এই আচহুৱা পৰ্য্যটন স্থলী ভ্ৰমণে আপোনাক সূন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰোৱাৰ লগতে এশিঙীয়া গড়ৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, উত্তৰ পূৱ ভাৰতৰ স্কটলেণ্ড স্বৰূপ শ্বিলং আৰু মন্দিৰ নগৰি ও উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমূখ স্বৰূপ গুৱাহাটী মহানগৰ ভ্ৰমণ আৰু ব্ৰহ্মপুত্ৰ নৈৰ নৈসৰ্গিক দৃশ্য উপভোগৰ এক সূকীয়া আৰু সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব।

পেকেজ সংকেতঃ ০০৩

সময়ঃ ৫দিন আৰু ৪ৰাতি।

কিহৰ বাবে বিখ্যাতঃ

মধুচন্দ্ৰীকা

জংঘল চাফাৰী

পেকেজ অৱলোকন

এই আচহুৱা পৰ্য্যটন স্থলী ভ্ৰমণে আপোনাক সূন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰোৱাৰ লগতে এশিঙীয়া গড়ৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, উত্তৰ পূৱ ভাৰতৰ স্কটলেণ্ড স্বৰূপ শ্বিলং আৰু মন্দিৰ নগৰি ও উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমূখ স্বৰূপ গুৱাহাটী মহানগৰ ভ্ৰমণ আৰু ব্ৰহ্মপুত্ৰ নৈৰ নৈসৰ্গিক দৃশ্য উপভোগৰ এক সূকীয়া আৰু সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব।

যাত্ৰাসূচী

১ম দিন

গুৱাহাটী বিমান বন্দৰত আহি উপস্থিত হোৱাহি। হোটেললৈ স্থানান্তৰ। বিয়লি কলাক্ষেত্ৰ, বালাজী মন্দিৰ দৰ্শন আৰু তাৰে পাছতে ব্ৰহ্মপুত্ৰ নৈত এঘণ্টীয়া আজৰি নৌকা বিহাৰ। নিশা হোটেলত কটোৱা।

২য় দিন

প্ৰাতঃআহাৰৰ পাছতে কাজিৰঙা অভিমূখে যাত্ৰা যি ভাৰতীয় এশিঙীয়া গড়ৰ বাবে বিখ্যাত আৰু যত আপুনি জীপ চাফাৰী বা হস্তী চাফাৰীৰো সোৱাদ লব পাৰে। কাজিৰঙাত নিশা কটোৱা (বিশেষ দ্ৰষ্টব্যঃ আগতীয়া বুকিংৰ জৰিয়তে নৌকা ভ্ৰমণো কৰিব পাৰে)

৩য় দিন

ৰাতিপূৱাই প্ৰাতঃআহাৰৰ পাছতে শ্বিলং অভিমূখে যাত্ৰা আৰু পথত বৰাপানী ভ্ৰমণ। শ্বিলংত ওৱাৰ্ড হ্ৰদ, লেদি হাইদাৰী উদ্যান, গল্ফ খেলপথাৰ আদিবোৰ ভ্ৰমণ কৰা। নিশা হোটেলত কটোৱা।

৪ৰ্থ দিন

চহৰা নামেৰেও খ্যাত চেৰাপুঞ্জী অভিমূখে যাত্ৰা (৬৫কিলোমিটাৰ শ্বিলংৰ পৰা)। পৰ্য্যটন স্থলীসমূহ ভ্ৰমণ। ইয়াত দৰ্শন কৰিবলগীয়া স্থান সমূহ হৈছে মৌচুমী গোহা, নহকালিকায় নিজৰা, ইক পাৰ্ক ইত্যাদি। শ্বিলংলৈ উভতনি আৰু লগতে স্মিথ গাঁও, শ্বিলং পিক, এলিফেণ্ট নিজৰা, কেথলিক চাৰ্চ আদিবোৰ দৰ্শন। নিশা শ্বিলংতে কটোৱা।

৫ম দিন

ৰাতিপূৱা পৰৱৰ্তী যাত্ৰাৰ বাবে গুৱাহাটীলৈ গতি কৰা। যাত্ৰা সমাপ্ত।

জংঘলৰ প্ৰতি প্ৰলোভ

ডিব্ৰুগড়-তিনিচুকীয়া-ডিব্ৰু-চৈখুৱা-দিগবৈ গিবন ডব্লিও.এছ.-কাজিৰঙা-গুৱাহাটী

প্ৰকৃতিয়ে অসমক উপৰ্য্যুপৰি সৌন্দৰ্য্যৰ ভব্যতাৰে উপচায় পেলাইছে। তাৰোপৰি নিৰ্ধাৰিত সময়ত দেশীয় আৰ বিদেশী পক্ষী সমূহে এই অসমকে নিজৰ বাসস্থান কৰি লয়।

পেকজ সংকেতঃ ০০২

সময়ঃ ৭দিন আৰু ৭ৰাতি

কিহৰ বাবে বিখ্যাতঃ

জংঘল চাফাৰী

পেকেজ অৱলোকন

প্ৰকৃতিয়ে অসমক উপৰ্য্যুপৰি সৌন্দৰ্য্যৰ ভব্যতাৰে উপচায় পেলাইছে। তাৰোপৰি নিৰ্ধাৰিত সময়ত দেশীয় আৰ বিদেশী পক্ষী সমূহে এই অসমকে নিজৰ বাসস্থান কৰি লয়।

যাত্ৰাসূচী

১ম দিন

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত আহি উপস্থিত হোৱা, তাৰ পৰা তিনিচুকীয়া অভিমূখে যাত্ৰা (৩৪কিলোমিটাৰ/৩-৪ঘণ্টাৰ যাত্ৰা)। কোনো ৰিজৰ্টত প্ৰৱেশ। তাৰ পাছতে সূৰ্য্য অস্তহোৱাৰ সময়তে এক ক্ষুদ্ৰ যাত্ৰাৰ জৰিয়তে ডিব্ৰু নদীত শিহু চাবলৈ যোৱা আৰু ৰাতি ৰিজৰ্টতে কটোৱা (এই ক্ষুদ্ৰ যাত্ৰা নিৰ্ভৰ কৰিব কিমান সময়ত ৰিজৰ্টত উপস্থিত হব)।

২য় দিন

ৰাতিপূৱাই বেৰিকুৰী গাঁও দৰ্শন আৰু লগতে হলক গিবন দৰ্শন কৰি অতিথিশালাৰ ফালে গতি কৰা আৰু ৰাতি নিশা কটোৱা।

৩য় দিন

প্ৰাতঃআহাৰৰ পাছতে নাহৰকটীয়াৰ নামফাকে গাঁৱৰ বাবে প্ৰস্থান। গাঁওখনত দুপৰীয়াৰ আহাৰ (ঐচ্ছিক) গ্ৰহণ কৰি ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰৰ ফালে গতি কৰা আৰু সংগ্ৰহালয় দৰ্শন কৰা আৰু পাছত নিশা কটোৱা।

৪ৰ্থ দিন

প্ৰাতঃআহাৰৰ পাছত লিদু-মাৰ্ঘেৰিটাৰ কইলা উদ্যোগ দৰ্শন কৰা আৰু তাৰ পাছতে তিনিচুকীয়ালৈ উভতি অহা। নিশা তিনিচুকীয়াতে কটোৱা।

৫ম দিন

প্ৰাতঃআহাৰৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অভিমূখে যাত্ৰা কৰা আৰু নিশা তাতেই কটোৱা।

৬ষ্ঠ দিন

ৰাতিপূৱাই হস্তী চাফাৰী কৰি কাজিৰঙাৰ মধ্য মণ্ডল আৱিস্কাৰ কৰা। উভতি আহোতে জীপ চাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যান খনৰ পশ্চিম মণ্ডল ভ্ৰমণ কৰা। নিশা কাজিৰঙাতে কটোৱা।

৭ম দিন

প্ৰাতঃআহাৰৰ পাছতে গুৱাহাটী অভিমূখে যাত্ৰা। গুৱাহাটীত চাব লগীয়া থাই সমূহৰ ভিতৰত আছে অসম ৰাজ্যিক চিৰিযাখানা, অসম ৰাজ্যিক সংগ্ৰহালয়, বালাজী মন্দিৰ, কলাক্ষেত্ৰ আৰু তাৰোপৰি গধূলি ব্ৰহ্মপুত্ৰৰ বুকুত সুন্দৰ নৌকা বিহাৰ। যাত্ৰা সমাপ্ত।

আলোকচিত্ৰ বিঠিকা

সপ্তাহঅন্ত পেকেজ

গুৱাহাটী-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-গুৱাহাটী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে এশিঙীয়া গড়ৰ গৃহ ভূমি আৰু এই ৰাষ্ট্ৰীয় উদ্যানক অন্যতম খন শ্ৰেষ্ঠ উদ্যান হিচাপে গণ্য কৰা হয় যি বহু সংখ্যক বহু প্ৰকাৰৰ জীৱ জন্তুক ঠাই প্ৰদান কৰে। নৱেম্বৰৰ পৰা এপ্ৰিললৈ এই সময়ছোৱা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰা উত্তম সময়।

পেকেজ সংকেতঃ ০০১

সময়ঃ তিনি দিন আৰু তিনি ৰাতি

কিহৰ বাবে বিখ্যাতঃ

জংঘল চাফাৰী

পেকেজ অৱলোকন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে এশিঙীয়া গড়ৰ গৃহ ভূমি আৰু এই ৰাষ্ট্ৰীয় উদ্যানক অন্যতম খন শ্ৰেষ্ঠ উদ্যান হিচাপে গণ্য কৰা হয় যি বহু সংখ্যক বহু প্ৰকাৰৰ জীৱ জন্তুক ঠাই প্ৰদান কৰে। নৱেম্বৰৰ পৰা এপ্ৰিললৈ এই সময়ছোৱা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰা উত্তম সময়।

যাত্ৰাসূচী

১ম দিন

গুৱাহাটী বিমান বন্দৰত আগমন। হোটেললৈ স্থানান্তৰ। সন্ধিয়া কলাক্ষেত্ৰ, বালাজী মন্দিৰ আদি বোৰ দৰ্শন কৰি ব্ৰহ্মপুত্ৰ নৈত এঘণ্টাৰ আজৰি নৌকা ভ্ৰমণ। নিশা হোটেলত কটোৱা।

২য় দিন

প্ৰাতঃআহাৰৰ পাছতে এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানদিশে প্ৰস্থান কৰা যত বিয়লি বেলা জীপ চাফাৰী আৰু হস্তী চাফাৰীও উপলব্ধ। কাজিৰঙাত নিশা কটোৱা। (বি.দ্ৰ.- আগতীয়া বুকিংৰ জৰিয়তে নৌকা ভ্ৰমণো কৰিব পাৰি)

৩য় দিন

পৰৱৰ্তি যাত্ৰাৰ বাবে কাজিৰঙাৰ পৰা গুৱাহাটী অভিমূখে প্ৰস্থান কৰা। যাত্ৰা সমাপ্ত।

আলোকচিত্ৰ বঠিকা