পৰ্য্যটনৰ প্ৰাচাৰৰ অংশ হিচাপে অসম চৰকাৰৰ পৰ্য্যটন বিভাগে এই বছৰ অসম পৰ্য্যটনৰ প্ৰচাৰৰ বাবে শক্তিশালী ব্ৰেণ্ডিংৰ ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত তলৰ পদক্ষেপ সমূহ গ্ৰহণ কৰিছেঃ
- অসমৰ পৰ্য্যটন সামগ্ৰী সমূহৰ বহুল প্ৰৱহন আৰু ভালদৰে চাব পৰাকৈ অসম পৰ্য্যটনৰ প্ৰচাৰ কৰিবলগীয়া সকলো সামগ্ৰী চপা কৰা।
- সকলো বিমান সেৱা প্ৰতিষ্ঠানৰ বিমান যেনে ইণ্ডিগো, স্পাইচ-জেট, গো-এয়াৰ, এয়াৰ এচিয়া, জেট-এয়াৰওৱেইচ, এয়াৰ ইণ্ডিয়া আদি সমূহৰ ভিতৰত প্ৰচাৰ হৈ থাকিব পৰাকৈ বজ্ঞাপনৰ ব্যৱস্থা কৰা।
- সকলো প্ৰধান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মেলা যেনে ডব্লিও.টি.এম. লণ্ডন, আই.টি.বি., বাৰ্লিন, বাংলাদেশ ট্ৰেভেল এণ্ড টুৰিজম ফেয়াৰ আৰু টি.টি.এফ. কোলকাতা, আই.আই.টি.এফ., নতুন দিল্লী, এছ.এ.টি.টি.ই., নতুন দিল্লী আদিত অংশগ্ৰহণ কৰা।
- ৰাজ্যৰ বাহিৰত ৰোড-শ্ব অনুষ্ঠিত কৰা।
- ধৰ্মীয় অনুষ্ঠান যেনে কামাখ্যাত অম্বুবাচী মেলা, মাজুলীত ৰাস মহোত্সৱ আৰু বৰপেটাত দৌল উত্সৱ আদিৰ আয়োজন কৰা।