ক্ৰমিক নং | মহোত্সৱ | সময় | লিখনি | আলোকচিত্ৰ |
---|---|---|---|---|
১ | ৰাভা হাজং চানডুবি উত্সৱ | জানুৱাৰী | ৰাভ হাজং স্বয়ত্বশাসিত পৰিষদে এই চানডুবি মহোত্সৱৰ আয়োজন কৰে, যি কামৰূপৰ চানডুবি বিলৰ পাৰত প্ৰতিবছৰে অনুষ্ঠিত হয়। এই অঞ্চলত ৰাভা আৰু হাজং সম্প্ৰদায়ে প্ৰধান। তেঁওলোকে এই মহোত্সৱত নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে। | |
২ | জোনবিল মেলা | জানুৱাৰী | জোনবিলৰ দয়াং বেগুৰিত পোন্ধৰ শতিকাৰ পৰাই জোনবিল মেলা অনুষ্ঠিত কৰি থকা হৈছে। জোনবিল মেলা হৈছে অসমৰ অন্যতমটো আকৰ্ষনীয় অনুষ্ঠান। এইখন হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ মেলা যত বিনিময় প্ৰথা জীয়াই আছে। | |
৩ | মে-ডাম-মে-ফি | জানুৱাৰী | পূৰ্ব পুৰুষৰ সোঁৱৰণত আহোম সকলে প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১তাৰিখে এই মে-ডাম-মে-ফি উত্সৱ উদযাপন কৰে। এই উত্সৱ হৈছে উপৰিপুৰুষক আৰাধনা কৰা ধাৰণাৰ এক অভিব্যক্তি যি আহোম সকলে আন লোকসকলকো সহভাগী কৰে যি টাই ছান ষ্টকৰ পৰা আহৰণ কৰা হৈছে। চিৰপ্ৰস্থান কৰা উপৰিপুৰুষক সন্মান প্ৰদৰ্শন কৰা আৰু তেঁওলোকৰ সমাজৰ প্ৰতি থকা অৰিহনাক সোৱৰণ কৰাই এই উত্সৱৰ প্ৰধান উদ্দেশ্য। | |
৪ | কাৰ্বি যুৱ মহোত্সৱ | ফেব্ৰুৱাৰী | কাৰ্বি সাংস্কৃতিক সমাজে প্ৰতি বছৰে ডিফুত এই মহাত্সৱৰ আয়োজন কৰে, যত কাৰ্বি সকলে নিজৰ স্বকীয় সংস্কৃতি প্ৰদৰ্শন কৰে। | |
৫ | আলি-আইয়ে-লিগাং, ধেমাজী | ফেব্ৰুৱাৰী-মাৰ্চ | এই অঞ্চলৰ জাতীয় মিচিং সম্প্ৰদায়ৰ ই এক প্ৰধান মহোত্সৱ, যত তেঁওলোকে পৰম্পৰাগত ধৰ্মীয় কাৰ্য্যাৱলী আৰু নৃত্য প্ৰদৰ্শন কৰে। এই মহোত্সৱ ফেব্ৰুৱাৰী মাহৰ মাজৰ পৰা আৰম্ভ হোৱা ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয়। | |
৬ | অজান পীৰ দৰগাহ, শিৱসাগৰ, উৰুচ | ফেব্ৰুৱাৰী | শিৱসাগৰৰ পৰা ২২কিলোমিটাৰ নিলগত থকা চৰাগুৰি চাপৰিত দিখৌ নদীৰ পাৰত অৱস্থিত। অজান পীৰ হৈছে প্ৰথম জন মুছলমান ব্যক্তি যি অসমীয়া ভাষাত (আনুমানিক ১৬০শব্দৰ ভিতৰত) জিকিৰ সৃ্ষ্টি কৰিছিল (এক ব্যতিক্ৰমী সম্পূৰ্ণ ধৰ্মীয় সংগীত)। উৰুচৰ দিনত হাজাৰ হাজাৰ ভক্তই গোট খাই এই গৰাকী মহান মুছলমানক শ্ৰদ্ধা নিবেদন কৰে। | |
৭ | মহা শিৱৰাত্ৰী, শিৱসাগৰ | ফেব্ৰুৱাৰী-মাৰ্চ | প্ৰতিবছৰে শিৱৰাত্ৰীৰ দিনা শিৱসাগৰৰ শিৱ মন্দিৰত এক বিশাল মেলাৰ আয়োজন কৰা হয় যত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমণ ঘটে। | |
৮ | দৌল উত্সৱ, বৰপেটা | মাৰ্চ | দৌল উত্সৱ হৈছে ভাৰতৰ এক বিখ্যাত উত্সৱ। ভাৰতৰ বাকী প্ৰান্তক বাদ দি অসমৰ জনসাধাৰণেও এই উত্সৱ অতি উলহ-মালহৰে পালন কৰে, বিশেষকৈ বৰপেটা অঞ্চলৰ লোকৰ বাবে এই উত্সৱ অতিকৈ জনপ্ৰিয়। দৌল উত্সৱৰ সময়ত সকলো বৰপেটাবাসীৰে হৃদয় আনন্দ আৰু উত্সৱমূখৰ উল্লাসেৰে উপচি পৰে। ই হৈছে আনন্দ আৰু ৰঙৰ উত্সৱ। দৌল উত্সৱ হৈছে বৰপেটাবাসীৰ বাবে আনন্দ প্ৰদানৰ এক মহান উত্স। এই উত্সৱৰ সময়ত বৰপেটাবাসীয়ে সকলো দূখ-বেদনা পাহৰি উলহ-মালহেৰে পৰম্পৰাগত ৰীতি -নীতিৰে ইয়াক উদযাপন কৰে। দৌল উত্সৱক হলি আৰু ফাকুৱা বুলিও কোৱা হয়। ফাগুণ আৰু চত মাহত বসন্তৰ আগমন হয়, সমগ্ৰ বিশ্ব সেউজীয়া গছৰ পাতেৰে ভৰি পৰে, ফুল ফুলে, পক্ষীকুলে মিঠা সংগীত গায়, শীতল মলয়াই সুবাস কঢ়িয়াই আনে আৰু সকলো নতুন নতুন অনুভৱ হয়। আৰু এনে এক সময়তে বৰপেটাত দৌল উত্সৱ পালন কৰা হয়। | |
৯ | ৰঙালী বিহু উত্সৱ, গুৱাহাটী | এপ্ৰিল | ৰঙালী বিহু অসমৰ এক বসন্ত উত্সৱ যি অতি উলহ-মালহেৰে পালন কৰা হয়। এই উত্সৱ ঋতু আৰু কৃষিৰ সৈতে জড়িত। | |
১০ | চানকেন উত্সৱ | এপ্ৰিল | অসমৰ অন্য প্ৰান্তৰ সৈতে একেলগে ১৪এপ্ৰিলৰ পৰা ১৭এপ্ৰিললৈ আনন্দ আৰু উলহ-মালহেৰে বোকাজানৰ বালিপথাৰৰ বানচাই বৌদ্ধধৰ্মীয় গাঁৱত চানকেন বা সংক্ৰান উত্সৱ উদযাপন কৰা হয়। এই মহোত্সৱত পৱিত্ৰ জলেৰে দ্ধৰ মূৰ্তিক পৰিস্কাৰ কৰা হয়, পৰম্পপৰাগত ধোল বজোৱা হয়, দলীয় নৃত্য আৰু সংগীত গোৱা হয়, ৰাজহুৱা ভোজ, লৰা আৰু ছোৱালীৰ দ্বাৰা পানী ছটিওৱা হয়, নদী-পুখুৰীৰ পৰা লৰা আৰু ছোৱালীৰ দ্বাৰা দলবদ্ধ ভাৱে পানী সংগ্ৰহ কৰা হয়, পিপল গছ ধোৱোৱা হয়, উপহাৰ বিনিময় কৰা হয়। | |
১১ | বহাগ্গীয় বিছু | এপ্ৰিল | ই হৈছে দেউৰী সকলৰ বাবে অতি মনোৰম উত্সৱ। দেউৰী সকল হৈছে চুতিয়া সকলৰ চাৰিটা বিভাগৰ অন্যতম, যাক বড়ো সম্প্ৰদায়ৰ সদস্য বুলিও বিশ্বাস কৰা হয়। আন আন বসন্ত মহোত্সৱৰ দৰে বহাগ্গীয় বিছুকো এপ্ৰিল মাহৰ মাজ ভাগত বাধাবিহিন আনন্দ আৰু হৰ্ষৰ মাজেৰে সাত দিনৰ বাবে উদযাপন কৰা হয়। এই উত্সৱৰ অন্যতমটো গুৰুত্বপূৰ্ণ অংগ হৈছে দেওধনী নৃত্য। | |
১২ | নামফাকে গাঁৱত বুদ্ধ পুৰ্ণীমা (পই-নুন-হুক) | মে | টাইফাকে সম্প্ৰদায়ৰ বাবেও বুদ্ধ পূৰ্ণীমা এক প্ৰধান উত্সৱ। এই উত্সৱ ভগৱান গৌতম বুদ্ধৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি উদযাপন কৰা হয়। এই দিনটোত বৌদ্ধধৰ্মীয় মঠত ভক্তপ্ৰাণ ৰাইজ সমবেত হৈ ভগৱানক পাৰ্থনা জনায়। ইয়াৰ পাছতেই এক উত্সৱ পালন কৰা হয়। সাধাৰণতে এই মহোত্সৱ মে মাহত উদযাপন কৰা হয়। | |
১৩ | অম্বুবাচী মেলা | জুন | দেৱী দূৰ্গাৰ শক্তি পিঠ সমূহৰ ভিতৰত অন্যতম হৈছে মাঁ কামাখ্যা দেৱীৰ মন্দিৰ। বৰ্ষা ঋতুৰ পৰা কামাখ্যা দেৱীৰ ৰজস্বলাৰ সময়লৈ বছৰি অম্বুবাচী মেলা উদযাপন কৰা হয়। | |
১৪ | বাথৌ পূজা, বিটিএডি | জুলাই-আগষ্ট | ভাৰতৰ অসম ৰাজ্যৰ বড়ো-কচাৰী সকলৰ বাবে বাথৌ পূজা এক গুৰুত্বপূৰ্ণ ধৰ্মীয় উত্সৱ। এই উত্সৱত তেঁওলোকে এগৰাকী ভগৱানক আৰাধনা কৰে যাক বেলেগ বেলেগ নামেৰে যেনে গিলা দামৰা, খূৰীয়া বৌৰাই, শ্ৰী ব্ৰাই (ছিব্ৰাই), বাথৌ বৌৰাই ইত্যাদি নামেৰে জনা যায়। বহুৱে এই ভগৱানক হিন্দু দেৱতা মহাদেৱৰ সৈতে তুলনা কৰে। এই উত্সৱৰ বিভিন্ন ৰূপ হৈছে গৰজা, খেৰাই আৰু মাৰাই। এই সমূহৰ ভিতৰত খেৰাই অধিক গুৰুত্বপূৰ্ণ। | |
১৫ | কৰম পূজা | আগষ্ট-ছেপ্তেম্বৰ | কৰম হৈছে কৰমৰ আৰাধনা কৰা, শক্তি আৰু তাৰুণ্যৰ দেৱতা। বিভিন্ন চাহ জনজাতীয় লোকে পালন কৰা এই পূজা হৈছে এক কৃষি উত্সৱ। | |
১৬ | দূৰ্গা পূজা, বৰাক উপত্যকা | চেপ্তেম্বৰ-অক্টোবৰ | ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে বৰাক উপত্যকাতো এই পূজা অতি উলহ-মালহেৰে পালন কৰা হয়। যিহেতু এই অঞ্চলত বঙালী জনসংখ্যাৰ আধিপত্য অধিক গতিকে দূৰ্গা পূজা বৰাক উপত্যাকৰা প্ৰধান উত্সৱ হিচাপে উদযাপন কৰা হয়। | |
১৭ | ফেলকন উত্সৱ, ওমৰাংছু | অক্টোৱৰ-নৱেম্বৰ | পশ্চিম কাৰ্বি আংলঙৰ এক পাহাৰীয়া আঞ্চল, উমৰাংছু নগৰত ব্লু হিল্চ চচাইটিৱে বছৰি এই উত্সৱ উদযাপন কৰে। এই উত্সৱত কাৰ্বি, ডিমাছা আৰু আন আন জনজাতীয় সম্প্ৰদায়ৰ লোকে নিজ নিজ সংস্কৃতি প্ৰদৰ্শন কৰে। | |
১৮ | ৰাস মহোত্সৱ, মাজুলী | অক্টোবৰ-নৱেম্বৰ | শৰত্ ঋতুৰ সময়ত অক্টোৱৰ-নৱেম্বৰ মাহত (কাতি-আঘোন মাহত) পূৰ্ণীমা ৰাতি বছৰি এই মহোত্সৱ পালন কৰা হয়। এই কথা এতিয়াও জনা হোৱা নাই যে কোন সত্ৰই আচলতে এই ৰাসলীলা মাজুলীত উত্সৱ হিচাপে প্ৰথমে উদযাপন কৰিছিল। এই মহোত্সৱৰ সময়ত ইয়াত বিশাল সংখ্যক জনগণৰ সমাবেশ ঘটে। | |
১৯ | ৰাস মহোত্সৱ, নলবাৰী | নৱেম্বৰ | নলবাৰী জিলাত ৰাস লীলা অতি ভব্য ৰূপত নৱেম্বৰ মাহত উদযাপন কৰা হয়। নলবৰী জিলাৰ ই অবিচ্ছেদ্য অংগলৈ ৰূপান্তৰিত হোৱাই নহয়, ইয়াৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ সৈতেও ই বিলিন হৈ গৈছে। আনকি এই উত্সৱ ভগৱান শ্ৰীকৃষ্ণ আৰু গোপী সকলৰ ৰাস লীলাৰ সৈতে জড়িত। কোৱা হয় যে ভগৱান কৃষ্ঞই নিজৰ বাহী বজোৱাৰ লগে লগেই শৰতৰ মনোৰম চন্দ্ৰমাই কোমল সুবাসৰ সৈতে মিলি মৃদু আলোৰনৰ গন্ধ বিলাইছিল। | |
২০ | অসম চাহ মহোত্সৱ যোৰহাট | নৱেম্বৰ | এই উত্সৱ বছৰি শীতকালত উদযাপন কৰা হয়, সেইয়া হল নৱেম্বৰ আৰু জানুৱাৰী মাহৰ মাজ ভাগত। কৰ্ম আৰু ফূ্ৰ্তিৰ সংমশ্ৰণেৰে এই উত্সৱ আগুৱাই যায়। এই উত্সৱত বিশ্বৰ তৃতীয় পুৰণি গল্ফ সংঘ, যি বৰ্তমানো বৰ্তি আছে যোৰহাট জিমখানাৰ গল্ফ পথাৰত গল্ফ উপভোগো কৰা হয়। এই উত্সৱৰ বাবে অসমলৈ ভ্ৰমণ কৰিলে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ পৰিভ্ৰমণ কৰাটো বাধ্যতামূলক। অসমীয়া জনসাধাৰণ অতিথি অপ্যায়নৰ বাবে জনাজাত আৰু এই উত্সৱতে ই প্ৰকৃত ৰূপত প্ৰকাশ পায়। আনন্দ-ফুৰ্তিৰ মাজতে স্থানীয় আৰু পৰ্য্যটক সকলে উত্সৱৰ দিনবোৰ পাৰ কৰে আৰু পৰৱৰ্তী সময়ত পোষন কৰিবলৈ সময়ৰ বালিচাপৰিত কিছু মিঠা স্মৃতি এৰি থৈ যায়। | |
২১ | জুড়িমা উত্সৱ, হাফলং | ডিচেম্বৰ | ডিচেম্বৰ মাহৰ মাজ ভাগত অনুষ্ঠিত হোৱা এই উত্সৱত ডিমা-হাচাও জিলাৰ ডিমাচা জনগোষ্ঠী সমূহৰ সংৰক্ষণ, স্বকীয় সংস্কৃতি, সংগীত, নৃত্য, শিল্প আৰু লোক কলাৰ প্ৰচাৰ আৰু প্ৰতিপালন কৰাত গুৰুত্ব প্ৰদান কৰা হয়। | |
২২ | ধুবুৰীত গুৰু টেক বাহাদুৰৰ শ্বহীদ দিৱস | ডিচেম্বৰ | গুৰুদ্বাৰা শ্ৰী গুৰু টেক বাহাদুৰ চাহিব হৈছে ভাৰতবৰ্ষৰ অসম প্ৰদেশৰ ব্ৰহ্মপুত্ৰৰ পাৰত ধুবুৰী নগৰত বসবাস কৰা শিখ ধৰ্মীয় লোকসকলৰ গুৰুদ্বাৰা। প্ৰথম শিখ গুৰু, গুৰু নানক দেৱে ১৫০৫খৃষ্টাব্দত এই অঞ্চললৈ আহোতে শ্ৰীমন্ত শংকৰদেৱকো সাক্ষাত কৰিছিল যেতিয়া তেঁও ঢাকাৰ পৰা অসমলৈ আহিছিল। পছলৈ এই স্থানলৈ নৱম শিখ গুৰু, গুৰু টেক বাহাদুৰ এই অঞ্চললৈ আহি এই ১৭শ খৃষ্টাব্দত গুৰুদ্বাৰাটো প্ৰতিষ্ঠা কৰে। ৫০,০০০ৰতকৈও অধিক হিন্দু, মুছলমান, শিখ আৰু আন আন ধৰ্মৰ লোক ভাৰতৰ লগতে বিশ্বৰ সকলো প্ৰান্তৰ পৰা আহি প্ৰতি বছৰে ডিচেম্বৰ মাহত এই ঐতিহাসিক মঠত আহি এই গৰাকী শিখ গুৰুৰ মহাপয়ানক সুৱৰিবলৈ সমাহিত হয়হি। ডিচেম্বৰ মাহৰ তিনি তাৰিখৰ পৰা সকলো ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে এই মহোত্সৱ আৰম্ভ হয়। শিখ সকলে এই মহোত্সৱক স্বহীদে-গুৰু-পৰ্ব বুলি কয়। | |
২৩ | দিহিং-পাটকাই মহোত্সৱ | ডিচেম্বৰ | অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত বছৰি এবাৰকৈ এই দিহিং-পাটকাই মহোত্সৱ উদযাপন কৰা হয়। মৰ্য্যদাশালী পাটকাই পৰ্বতশৃংখলা আৰু দুৰন্ত দিহিং নদীৰ নামেৰে এই মহোত্সৱৰ নামাকৰণ কৰা হৈছে। জনজাতীয় মেলা, চাহ ঐতিহ্যমূখী ভ্ৰমণ, গল্ফ খেলা, দঃসাহসীক ক্ৰীড়া আৰু আমোদজনক বনাঞ্চল ভ্ৰমণ আদি সকলো এই মহোত্সৱৰ অংশ। ২য় বিশ্বযুদ্ধৰ শ্বহীদ স্মাৰক স্থলী ভ্ৰমণ এই মহোত্সৱৰ আন এক আকৰ্ষণ। এই মহোত্সৱৰ অংশ হিচাপেই এসময়ত ম্যানমাৰৰ সোণালী ভূমিলৈ যাত্ৰা কৰাৰ বাবে ব্যৱহাৰ কৰা ষ্টিল ৱেল পথ ভ্ৰমণৰো ব্যৱস্থা কৰা হয়। আগমণকাৰী সকলে হস্তী চাফৰীৰ লগতে বনাঞ্চলত যোৱাৰ পথো বাচনি কৰি লব পাৰে। ভ্ৰমণকাৰী সকলৰ বাবে খাদ্য উত্সৱ, শিল্প মেলা আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় এই মহোত্সৱত। ইয়াত পেৰাচিলিং, বৰশী বোৱা আৰু কায়াকিংৰ দৰে দূঃসাহসীক ক্ৰীড়াৰ সুবিধাও উপলব্ধ হয়। চাহ বাগান আৰু ডিগবৈ তৈলক্ষেত্ৰ ভ্ৰমণো এই মহোত্সৱৰে আন এক অংশ। | |
২৪ | বাৰে চহৰীয়া ভাওনা | প্ৰতি পাঁচ বছৰত এবাৰ | ভাওনা হৈছে নাটকৰ লেখিয়া যি অসমীয়া মানুহক মনোৰঞ্জনক প্ৰদান কৰাৰ এক পৰম্পৰাগত মাধ্যম। শোনিতপূৰৰ জামূগুৰীত বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত কৰা হয় আৰু ই হৈছে ভাওনাৰ এক সূকীয়া ৰূপ। প্ৰায় ২০০বছৰ ধৰি এই বাৰেচহৰীয়া ভাওনা উদযাপন কৰি অহা হৈছে। এই মহোত্সৱৰ মূল আকৰ্শন হৈছে একেখন চাঁদৰ তলতে বেলেগ বেলেগ মঞ্চত একেলগে ২০খনকৈ ভাওনা অনুষ্ঠিত হোৱৰা দৃশ্য। এই বাৰে চহৰীয়া ভাওনা প্ৰতি পাঁচ বছৰত এবাৰকৈ উদযাপন কৰা হয়। |